অলিম্পিয়া প্ৰতিবেদন
ক’ভিড-১৯ৰ পৰাক্ৰম লাহে লাহে কমি অহাৰ লগে লগে দেশৰ লগতে ৰাজ্যতো ক্ৰমে স্বাভাৱিক হৈছে জীৱন। খেলপথাৰলৈ পুনৰ ঘূৰি আহিছে আনন্দৰ পৰিৱেশ। সৌ সিদিনা গুৱাহাটীত অনুষ্ঠিত হৈ গ’ল প্ৰাইজমানী এথলেটিকছ প্ৰতিযোগিতা।
ইয়াৰ পিছতে আকৌ এবাৰ গুৱাহাটী সাজু হৈছে আন এখন প্ৰতিযোগিতাৰ বাবে। এইবাৰ গুৱাহাটী ছুপাৰ ডিভিজন ক্লাবৰ উদ্যোগত অনুষ্ঠিত হ’ব প্ৰাইজমানী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা। ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা মেচখনত ভাগ ল’ব গুৱাহাটী মেট্ৰ একাদশ আৰু ক্ৰীড়া সঞ্চালকালয়ে।
দিনৰ ডেৰ বজাৰ পৰা অনুষ্ঠিত হ’ব উক্ত মেচখন। প্ৰতিযোগিতাৰ বিজয়ী দলে ১০,০০০ টকা লাভ কৰাৰ বিপৰীতে বিজিত দলে লাভ কৰিব ৫,০০০ টকাৰ পুৰস্কাৰ।
ইপিনে, গুৱাহাটী ক্ৰীড়া সন্থাই চি ডিভিজন আৰু কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহো শীঘ্ৰেই আৰম্ভ কৰিব বুলি জানিবলৈ দিছে।