Wednesday, September 28, 2022
HomeNewsইউৰো ২০২০: ইংলেণ্ড-ইটালীয়ে কিমান টকা পালে? কোনে লাভ কৰিলে কি পুৰস্কাৰ?

ইউৰো ২০২০: ইংলেণ্ড-ইটালীয়ে কিমান টকা পালে? কোনে লাভ কৰিলে কি পুৰস্কাৰ?

অলিম্পিয়া প্রতিবেদন

সোমবাৰে ৰোমাঞ্চকৰ ফাইনেলত ইটালীয়ে ইংলেণ্ডক পৰাস্ত কৰি দখল কৰে ইউৰো ২০২০ৰ খিতাপ। ৫৩ বছৰৰ এক দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ইটালীয়ে লাভ কৰিলে চেম্পিয়নৰ সোৱাদ। ১৯৬৮ চনৰ পৰা দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিলেও ইউৰোত ভাগ্য উদয় হোৱা নাছিল দেশখনৰ। অৱশেষত ইংলেণ্ডক পৰাস্ত কৰি বহু দিনৰ অপ্ৰাপ্তি আতঁৰালে দলটোৱে। উল্লেখযোগ্য যে, দলটোৱে ১৯৩৪ আৰু ১৯৩৮ ত একেলেঠাৰিয়ে আন দুবাৰ বিশ্বকাপৰ খিতাপ দখল কৰিছিল।

অতিৰিক্ত সময়লৈ যোৱা ৰোমাঞ্চকৰ ফাইনেলখনৰ ফলাফল অৱশেষত টাইব্ৰেকাৰৰ সহায়ত নিৰ্ণয় কৰা হয়। পেনাল্টি শ্বুট আউটত ৩-২ ব্যৱধানত জয়ী হয় ইটালী। এইবাৰ সেয়ে হোম নহয় ৰোমলৈহে ঢাপলি মেলিলে ফুটবলে।

টুৰ্ণামেণ্টত জয়লাভ কৰি ইটালীয়ে কিমান টকা লাভ কৰিলে অথবা ইংলেণ্ডে লাভ কৰিলে কিমান? কোন খেলুৱৈ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ হ’ল আদিৰ বিষয়ে জানো আহক

টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইটালীৰ গ’লৰক্ষক দুন্নাৰুম। ইউৰোৰ ইতিহাসত এই প্ৰথমবাৰৰ বাবে কোনো গ’লৰক্ষকে লাভ কৰিলে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। সৰ্বোচ্চ গ’লদাতাৰ পুৰস্কাৰ লাভ কৰে পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোয়ে। দলে দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় ল’লেও সমগ্ৰ টুৰ্ণামেণ্টখনত ৰ’নাল্ডোৰ প্রদর্শন আছিল দুৰন্ত। পাঁচ গ’ল আৰু এটা এচিষ্টৰে গোল্ডেন বুট লাভ কৰে পৰ্টুগালৰ খেলুৱৈগৰাকীয়ে। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে স্পেইনৰ মিডফিল্ডাৰ পেদ্ৰী।

ফাইনেলত জয়ী হৈ ইটালীয়ে লাভ কৰে ১ কোটি ইউৰো। ইপিনে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বাবে ইংলেণ্ডে লাভ কৰিছে ৭০ লাখ ইউৰো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments