Sunday, October 2, 2022
HomeNewsপূব নলবাৰী ক'চিং চেণ্টাৰ বিজয়ী,কৌস্তুভমণি শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত

পূব নলবাৰী ক’চিং চেণ্টাৰ বিজয়ী,কৌস্তুভমণি শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

ভিঠা নৱজ্যোতি ক্লাবৰ উদ্যোগত ৩০ আৰু ৩১ জানুৱাৰীত ভিঠা মহল, বৰাজোলত এখন প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । গ্ৰামাঞ্চলৰ ১০ টা দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাৰ সোমবাৰৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে প্ৰথম দুটা ছেট ২৫-২১, ২৫-১৫ ত তামুলপুৰ ভলীবল ক্লাবৰ লগত পিছপৰি থকাৰ পিছত শেষৰ তিনিটা ছেট ২৫-২২, ২৫-২০ আৰু ১৫-১৩ ব্যাৱধানত জয়ী হৈ বিজয়ীৰ সন্মান লাভ কৰি ৫০০১ টকা আৰু ট্ৰফী লাভ কৰে । ইয়াৰ বিপৰীতে বিজেতা দল তামুলপুৰে ৩০০১ টকা আৰু ট্ৰফী লাভ কৰে । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় পূব নলবাৰী ক’চিং চেণ্টাৰৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কৌস্তুভমণি কলিতা । খেলখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে জ্যেষ্ঠ ভলীবল খেলুৱৈ ধৰ্ম শৰ্মাই । বঁটা বিতৰণী সভাত উপস্থিত থাকে শিক্ষক বীৰেন দাস, পৰিচালনা সমিতিৰ সভাপতি সুনীল বড়ো, ভিঠা নৱজ্যোতি সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সকল । অনুষ্ঠানটোৰ আঁত ধৰে উৎপল কলিতাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments