অলিম্পিয়া প্ৰতিবেদন
আগন্তুক ২০২০-২১ চিজনৰ চৈয়দ মুস্তাক আলী টি-টুৱেন্টি আৰু ৰঞ্জি ট্ৰফীৰ বাবে অসমৰ সম্ভাব্য একাদশৰ তালিকা প্ৰকাশ পাইছে। যদিও বি চি চি আইয়ে এই পৰ্যন্ত ঘৰুৱা প্ৰতিযোগিতা সমূহৰ সময়সূচী নিৰ্ধাৰণ কৰা নাই। তথাপি অসমৰ ছিনিয়ৰ ৰঞ্জি দল নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি অসম ক্ৰিকেট সন্থাই ডিচেম্বৰৰ প্ৰথম ভাগত বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ফিটনেছ কেম্পৰ আয়োজন কৰিছিল।

এ চি এৰ নিৰ্বাচক মণ্ডলীয়ে যোৱা বছৰৰ খেলুৱৈসকলৰ প্রদর্শন আৰু ডিচেম্বৰত অনুষ্ঠিত ফিটনেছ কেম্পৰ আধাৰত মূল একাদশ নিৰ্বাচিত কৰিব। চৈয়দ মুস্তাক আলী টি-টুৱেন্টৰ বাবে ঘোষিত ৩১ জনীয়া দলটোত অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগ, আবু নেছিম আহমেদ,পাৰভেজ আজিজ, মৃন্ময় দত্ত, শিৱ শংকৰ ৰয়, ঋষভ দাস আদিয়ে স্থান লাভ কৰিছে। একেদৰে, ৰঞ্জি ট্ৰফীৰ ছিনিয়ৰ দলৰ বাবেও ৩৬ জনকৈ খেলুৱৈয়ে সম্ভাব্য দলত স্থান লাভ কৰিছে।