Friday, September 30, 2022
HomeNewsকোনে লাভ কৰিব এই বৰ্ষৰ খেলৰত্ন? অৰ্জুনৰ দৌৰত কোন কোন? আছে নেকি...

কোনে লাভ কৰিব এই বৰ্ষৰ খেলৰত্ন? অৰ্জুনৰ দৌৰত কোন কোন? আছে নেকি আপোনাৰ প্ৰিয় ক্ৰীড়াবিদগৰাকী!!

অলিম্পিয়া প্ৰতিবদেন

কিম্বদন্তী হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্মদিন ২৯ আগষ্টক প্ৰতিবছৰে ভাৰতত ক্ৰীড়া দিৱস ৰূপে পালন কৰি আহিছে। এই দিৱসতেই ক্ৰীড়াৰ জড়িয়তে বিশ্বত ভাৰতৰ নাম উজলাই তোলাৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতিয়ে বিভিন্ন বঁটা প্ৰদান কৰে। নিৰ্দিষ্ট এক নিৰ্বাচনী কমিটিৰ জড়িয়তে বঁটা সমূহৰ বাব যোগ্য ক্ৰীড়াবিদক প্ৰতিবছৰে নিৰ্বাচিত কৰি আহিছে। চলিত বৰ্ষৰ ক্ৰীড়াৰ বিভিন্ন বঁটাৰ বাবে ইতিমধ্যে আৱেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে বঁটাসমূহ যাতে যোগ্যজনে লাভ কৰে তাৰ বাবে শক্তিশালী নিৰ্বাচনী কমিটিয়ে বিবেচনা কৰিছে। নিৰ্বাচনী কমিটিয়ে ইতিমধ্যেই চূড়ান্ত কৰিছে ক্ৰীড়া বঁটাসমূহ লাভ কৰিবলগীয়া খেলুৱৈৰ তালিকা। সেই অনুসৰি খেল ৰত্ন আৰু অৰ্জুন বঁটাৰ বাবে নিৰ্বাচক কমিটিয়ে প্ৰেৰণ কৰা খেলুৱৈসকল হৈছে-

ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান :
১)ৰোহিত শৰ্মা ( ক্ৰিকেটাৰ)
২) বিনেশ ফ’গত (মল্লযুঁজ)
৩)মনিকা বাত্ৰা (টেবুল টেনিছ)
৪) ৰাণী ৰামপাল (কেপ্তেইন, মহিলা হকী)
৫) মৰিয়প্পন থংগাবেলু ( পেৰা অলিম্পিক স্বৰ্ণ পদক বিজয়ী এথলিট)

অৰ্জুন সন্মান :
১) ইশান্ত শৰ্মা ( ক্ৰিকেট)
২) অতনু দাস ( আৰ্চাৰী)
৩)দীপক হুদা (কাবাদী)
৪) দিপিকা ঠাকুৰ (হকী)
৫)দিভিছ চৰন (টেনিছ)
৬) মীৰা বাঈ চানু ( ভাৰোত্তলন)
৭)সাক্ষী মালিক ( মল্লযুঁজ)
৮)আকাশদ্বীপ সিং (হকী)
৯) লাভলীনা বৰগোঁহাই (বক্সিং)
১০) মনু ভাস্কৰ (শ্বুটিং)
১১)সৌৰভ চৌধুৰী( শ্বুটিং)
১২)মনিষ কৌশিক ( বক্সিং)
১৩)সন্দেশ জিংঘান (ফুটবল)
১৪) ডাট্টু ভকানল (ৰয়িং)
১৫) ৰাহুল আয়াৰ ( মল্লযুঁজ)
১৬) ডুটি চান্দ (এথলিট)
১৭) দিপ্তী শৰ্মা ( ক্ৰিকেট)
১৮) শিৱ কেশভন
১৯) মাধুৰিকা পাটকাৰ (টেবুল টেনিছ)
২০) মনিষ নৰৱাল ( পেৰা শ্বুটাৰ)
২১) সন্দীপ চৌধুৰী ( পেৰা এথলিট)
২২) সূয়ষ যাদৱ (পেৰা সাঁতোৰবিদ)
২৩)চিৰাগ চেত্ৰী (বেডমিণ্টন)
২৪) এচ ৰাংকিৰেড্ডী (বেডমিণ্টন)
২৫) বি ভাৰ্গুৱংশী ( বাস্কেটবল)
২৬) অজয় শাৱন্ত ( টেণ্ট পেগিং)
২৭) অদিতী অশোক (গ’ল্ফ)
২৮)সাৰিকা কালে (খো খো)
২৯) দিব্যা কাকৰন (মল্লযুঁজ)

লক্ষণীয় হ’ব এই তালিকাৰ পৰা কোনকেইজন খেলুৱৈয়ে সন্মানীয় বঁটা সমূহ লাভ কৰে।

উল্লেখ্য যে প্ৰতিবাৰেই এই বঁটা সমূহ ৰাষ্ট্ৰপতি ভৱনত নিৰ্দিষ্ট এক প্ৰ’টকলৰ মাধ্যমেৰে প্ৰদান কৰা হয়। অতি জাকজমকীয়াকৈ অনুষ্ঠিত কৰা এই বঁটা প্ৰদান অনুষ্ঠান এইবাৰ অনুষ্ঠিত নহ’ব। ইয়াৰ পৰিবৰ্তে ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ জড়িয়তেহে এই সন্মানীয় বঁটাসমেহ প্ৰদান কৰা হ’ব। ইয়াৰ মূল কাৰণ হৈছে ক’ভিড-১৯ ৰ সংক্ৰমণ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments