অলিম্পিয়া প্ৰতিবেদন
আজিৰ পৰা ছিডনীত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। মেচখনত টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই। এৰণ ফিঞ্চ আৰু ষ্টিভ স্মিথৰ বিস্ফোৰক শতকেৰে দলটোৱে
ভাৰতৰ সমুখত ৩৭৫ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে।
সীমিত সংখ্যক দৰ্শকৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা মেচখনৰ প্ৰথম অৰ্ধত এক অবাঞ্চিত পৰিস্থিতিৰ সম্মুখীন হয় ক্ৰিকেটাৰসকলৰ লগতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ কৰ্মকৰ্তাসকল। দুগৰাকী প্ৰতিবাদকাৰীয়ে হঠাৎ খেল চলি থকাৰ মাজতে খেলপথাৰত প্ৰৱেশ কৰাৰ কাণ্ডই সকলোকে আচৰিত কৰি তোলে।
তাৰে এগৰাকী প্ৰতিবাদকাৰীয়ে হাতত এখন ফেষ্টুন লৈ ষ্টেডিয়ামত প্ৰৱেশ কৰে যত লিখা আছিল ‘No $1BN Adani Loan’। সেই সময়ত অষ্ট্ৰেলিয়াৰ ইনিংছৰ ষষ্ঠতম অভাৰটো কৰিবলৈ সাজু হৈছিল নবদ্বীপ চাইনী।
উল্লেখযোগ্য যে, ভাৰতৰ আদানী গ্ৰুপৰ অষ্ট্ৰেলিয়াত হ’বলগীয়া এটা কয়লা প্ৰকল্পকৰ বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে লোক দুজনে। ‘কুইন্সলেণ্ড প্ৰকল্প’ নামৰ প্ৰকল্পটোৰ বাবে ইয়াৰ আগতেও অষ্ট্ৰেলিয়াত ভাৰতৰ ব্যৱসায়ীগৰাকী প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈছিল।