Monday, October 3, 2022
HomeNewsট্ৰাম্পে ল'লে শচীন আৰু বিৰাটৰ নাম, খং উঠিল আই চি চিৰ

ট্ৰাম্পে ল’লে শচীন আৰু বিৰাটৰ নাম, খং উঠিল আই চি চিৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আই চি চি। শৰ্বশক্তিমান আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এতিয়া ব্যষ্ট ভাৰত ভ্ৰমণত। দুদিনীয়া ভ্ৰমণসূচীত ভাৰতলৈ অহা ৰাষ্ট্ৰপতিগৰাকীয়ে কালি গোজৰাটৰ আহমেদাবাদত থকা মোতেৰা ষ্টেডিয়াম উদ্বোধন কৰে। উল্লেখ্য যে এই মোতেৰা ষ্টেডিয়াম পূথিৱীৰ আটাইতকৈ বিশাল ক্ৰিকেট ষ্টেডিয়াম ৰূপে বিবেচিত হৈছে। প্ৰায় ১ লাখ ১০,০০০ হাজাৰ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা এই বিশাল ষ্টেডিয়ামখনত কালি নমস্তে ট্ৰাম্প নামৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ মাজতেই লক্ষ্যাধিক ভাৰতীয়ৰ উপস্থিতিত ডোনাল্ড ট্ৰাম্পে পৃথিৱীৰ বিশাল ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে। কিন্তু ইয়াৰ মাজতে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আই চি চিৰ ৰোষত পৰিব লগীয়া হৈছে মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

কালি অনুষ্ঠিত হোৱা নমস্তে ট্ৰাম্প কাৰ্যসূচীত ডোনাল্ড ট্ৰাম্পে তেওঁৰ ভাষণত ভাৰতৰ বিভিন্ন দিশৰ ওপৰত মন্তব্য আঘবঢ়াইছিল। ভাৰতৰ লগত আমেৰিকাৰ সম্পৰ্কৰ পৰা বলীউদৰ ছবি উদ্যোগলৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰ, শ্বামী বিবেকানন্দ সকলো বিষয়ক নিজৰ ভাষনত স্থান দিছিল। তেওঁ কৈছিল ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা।

মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালিৰ ভাষণত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নাম লৈছিল। কিন্তু কিম্বদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ নাম লোৱাৰ বাবেই এতিয়া ডোনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে আই চি চিয়ে।

আচলতে কালি স্বামী বিবেকানন্দ , শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ নাম উচ্ছাৰণ কৰোতে ট্ৰাম্পৰ জিভা পিছল খালে। ট্ৰেম্পে স্বামী বিবেকানন্দৰ নাম ভুলকৈ উচ্ছাৰণ কৰাৰ লগতে শচীন তেণ্ডুলকাৰৰ নাম ‘সুশীন ‘ বুলি আৰু বিৰাট কোহলীৰ নাম ‘Vurat kolee’ বুলি উচ্ছাৰণ কৰাৰ বাবেই আই চি চিয়ে ট্ৰাম্পক সমালোচনা কৰিছে। ট্ৰাম্পে কৈছিল “This is the country where your people cheer on the biggest cricketers, from Sachin Tendulkar to Virat Kohli, the best in the world”কিন্তু ইয়াত sachin আৰু Virat Kohli শব্দ দুটা ট্ৰাম্পে Soochin Tendulkar আৰু Vurat Kolee বুলি উচ্ছাৰণ কৰে।

ইফালে আই চি চিৰ লগতে ক্ৰিকেটাৰ জেমছ এণ্ডাৰচনেও ট্ৰাম্পক টুইটাৰত ট্ৰ’ল কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments