Wednesday, July 6, 2022
HomeNewsপাকিস্তান ছুপাৰ লীগতকৈ আই পি এল শ্ৰেষ্ঠ; ক'লে এগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

পাকিস্তান ছুপাৰ লীগতকৈ আই পি এল শ্ৰেষ্ঠ; ক’লে এগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

অলিম্পিয়া প্রতিবেদন

ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ আৰু পাকিস্তান ছুপাৰ লীগক লৈ সময়ে সময়ে হৈ আহিছে তুলনা। বিশ্বৰ বহু নামী দামী ক্ৰিকেট তাৰকাই বিভিন্ন সময়ত প্ৰতিযোগিতাদুখনক লৈ বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। এনে মন্তব্যসমূহৰ পৰা এটা কথা অৱশ্যে স্পষ্ট যে বিশ্বৰ ক্ৰিকেট টুৰ্ণামেণ্টসমূহৰ মাজত শ্ৰেষ্ঠত্বৰ দৌৰত সদায় এখোজ আগত আছে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ। বিভিন্ন সময়ত বিভিন্নজনে এই কথা স্বীকাৰ কৰিছে।

লীগসমূহৰ শ্ৰেষ্ঠত্বৰ এই প্ৰশ্নত এইবাৰ বিশেষ মন্তব্য আগবঢ়াইছে পাকিস্তানৰ বেগী বলাৰ ৱাহাব ৰিয়াজে। পাকিস্তানৰ এইগৰাকী বেগী বলাৰে মন্তব্য কৰিছে যে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ কোনো তুলনা নাই। ক্ৰিকেট বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰতিযোগিতাখনৰ প্ৰশংসাত পঞ্চমুখ ৱাহাব ৰিয়াজ। যদিও দেশখনৰ অনেক ক্ৰিকেটাৰে দাবী কৰিছে যে পি এছ এল আই পি এলৰ সমকক্ষ, ৱাহাব ৰিয়াজে অৱশ্যে তাৰ বিপৰীত ভাষ্যহে প্ৰদান কৰিছে।

তেওঁ কৈছে যে পি এছ এলক আই পি এলৰ সৈতে তুলনা কৰাতো সমীচীন নহয়। ক্ৰিকেট পাকিস্তানৰ ইউটিউব চেনেলত প্ৰকাশ পোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছে যে আই পি এল এনে এখন লীগ য’ত বিশ্বৰ প্ৰায় সকলো শ্ৰেষ্ঠ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আপুনি পি এছ এলৰ সৈতে আই পি এলৰ তুলনা কৰিব নোৱাৰে। আই পি এল অন্য এক স্তৰত আছে। তেওঁলোকে যিদৰে খেলুৱৈ নিৰ্বাচন কৰে, খেলুৱৈৰ সৈতে সম্পৰ্ক স্থাপন কৰে, যিভাৱে তেওঁলোকে খেলুৱৈৰ খচৰা প্ৰস্তুত কৰে, সেয়া তুলনাবিহীন। অৱশ্যে, এইটো কথা ঠিক যে, যদি কোনোবা লীগে আই পি এলৰ সৈতে প্ৰতিযোগিতা নামিব পাৰে, তেন্তে সেয়া হৈছে পি এছ এল। আই পি এলৰ পিছতেই সঘনে উচ্চাৰিত হোৱা প্ৰতিযোগিতাখনেই হৈছে পি এছ এল।

অৱশ্যে, আন এক ক্ষেত্ৰত পি এছ এলক শ্ৰেষ্ঠ আখ্যা দিছে পাকিস্তানী বলাৰগৰাকীয়ে। পি এছ এলৰ বলিং আক্ৰমণক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ আখ্যা দিছে ৱাহাব ৰিয়াজে। তেওঁ কয় যে, বলিঙৰ ক্ষেত্ৰত বিশ্বৰ সকলো লীগৰ ভিতৰত পি এছ এল শ্ৰেষ্ঠ। সেয়ে প্ৰতিযোগিতাখনত বেছি স্কৰিং মেচৰ উদাহৰণ কম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments