ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পুলিন দাস সোঁৱৰণি আন্তঃস্কুল ক্ৰিকেটৰ ফাইনেলত নিক’লাছ হায়াৰ চেকেণ্ডাৰী স্কুলক পৰাস্ত কৰি ছাউথ পইণ্ট স্কুলে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।

গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত টুৰ্ণামেণ্টৰ আজিৰ ফাইনেল খেলখনত ছাউথ পইণ্ট স্কুলে নিৰ্বাচিত ২৫ অ’ভাৰত অৰ্ণব বৰাৰ বিস্ফোৰক ৫৩(৪১) ৰানৰ সহায়ত ২১০ ৰান সংগ্ৰহ কৰে। ২১১ ৰানৰ বিশাল লক্ষ্য আগত লৈ নিক’লাছ হায়াৰ চেকেণ্ডাৰী স্কুলে ৯ উইকেট হেৰুৱাই ২১১ ৰানহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ বীৰ যাদৱে ২৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ছাউথ পইণ্ট স্কুলৰ ৰংজ্যোতি খাৰঘৰীয়াই ২৬ ৰান ব্যয় কৰি দখল কৰে ৪ টাকৈ উইকেট। মেন অৱ দ্য মেচৰ লগতে প্ৰতিযোগিতাৰ মেন অৱ দ্য টুৰ্ণামেণ্টৰ খিতাপ লাভ কৰে ছাউথ পইণ্ট স্কুলৰ অৰ্ণব বৰাই। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া, জি এছ এৰ সভাপতি মুনিন নবিচ, জি এছ এ ক্ৰিকেট শাখাৰ সম্পাদক বাবুল চৌধুৰী, জি এছ এ ক্ৰিকেটৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰমোদ ৰাজবংশীৰ লগতে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বিনোদ শৰ্মা।