অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটী উজানবজাৰৰ সূর্য ক্লাব সভাঘৰত একাধিক ক্রীড়াপ্ৰেমীৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত এখন সভাত ক্রীড়া মহীৰূহ পুলিন দাস স্মৃতিৰক্ষা সমিতি গঠন কৰা হয় । ক্রীড়া মহীৰূহ দাসৰ জীৱন আৰু কৃতি সম্বন্ধে অসমৰ ক্ৰীড়াপ্রেমীক অৱগত কৰা আৰু তেওঁৰ নামত ৰাজ্যিক ভিত্তিত এক ক্রীড়া সাহিত্য-ক্রীড়া সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰাই এই সমিতিৰ মুখ্য লক্ষ্য বুলি ব্যক্ত কৰি এক প্ৰেছ বিজ্ঞপ্তিযােগে সমিতিৰ সম্পাদক কল্যাণ কুমাৰ দাসে কয় যে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা বিশিষ্ট সমাজকর্মী ড° মুকুন্দকাম শর্মা, প্রান্তিক আলােচনীৰ সম্পাদক তথা প্রবীণ ক্রীড়াবিদ প্রদীপ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সম্প্রতি ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড’ পৰমানন্দ ৰাজবংশী আৰু প্রবীণ ক্রীড়া সাংবাদিক তথা ক্রীড়া সংগঠক প্ৰেমধৰ শৰ্মাক উপদেষ্টা হিচাপে লৈ গঠিত এই সমিতিৰ সভাপতিৰূপে নয়ন প্ৰসাদ আৰু উপসভাপতিৰূপে প্রণয় বৰদলৈ আৰু সুবােধমল্ল
বৰুৱাৰ নাম মনােনীত হয় । সমিতিৰ আন বিষয়ব্বীয়াৰ ভিতৰত যুটীয়া সম্পাদক চন্দন শৰ্মা আৰু হৃষীকেশ বিজয় দাস, কোষাধ্যক্ষ ড’ মাধুর্য হাজৰিকাৰ নাম উল্লেখযােগ্য । সমিতিৰ কার্যনির্বাহক সদস্যৰূপে মনােনীত হয় বলেন্দ্রমােহন চক্রবর্তী, কিশােৰ জয়মাধৱ, ধীৰাজ দত্ত, প্রার্থনা হাজৰিকা, বিজয়লক্ষ্মী বৰুৱা, শ্যমংগপ্রতিম কাশ্যপ, শামলিমা কাশ্যপ আৰু স্বপ্নীল ভৰালী । বিজ্ঞপ্তিটোত সাধাৰণ সম্পাদক দাসে লগতে জনায় যে এই সমিতি গঠনৰ লগে লগে ইতিপূর্বে কাৰ্যৰত ক্রীড়া মহীৰূহ পুলিন দাস জন্ম শতবার্ষিকী উদ্যাপন সমিতিখন ভংগ কৰা হ’ল । নৱগঠিত এই সমিতিয়ে হাতত লােৱা প্রথম কাম হ’ব পুলিন দাসৰ জীৱন আৰু কৰ্মৰাজি প্রতিফলিত হােৱা এখন ফটো এলবাম প্রকাশ । সমিতিৰ সম্পাদকে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আবেদন জনায় যে কাৰােবাৰ ব্যক্তিগত সংগ্ৰহত যদি পুলিন দাস সম্পৰ্কীয় কোনাে ফটো সংৰক্ষিত হৈ আছে তেন্তে এই ফটো সমিতিৰ উদ্দেশ্যে kalyankdas21@gmail.com ই
মেইলত অথবা ৱাটচ্ছএপযােগে ৯১০১২-৬৪৪৯৮ এই নম্বৰলৈ যেন প্ৰেৰণ কৰে ।