Friday, May 20, 2022
HomeNewsঘোষণা হ'ল কাটাৰ বিশ্বকাপৰ সময়-সূচী

ঘোষণা হ’ল কাটাৰ বিশ্বকাপৰ সময়-সূচী

অলিম্পিয়া বাৰ্তা

২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে আজি ফিফাই ঘোষণা কৰিলে ২০২২ চনৰ ফুটবল বিশ্বকাপৰ সূচী।

ফিফাই ঘোষণা কৰা সূচী অনুসৰি ২০২২ চনৰ পৰা ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখন। আনহাতে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ১৮ ডিচেম্বৰত।

ফিফাই ঘোষণা কৰা সূচী মতে কাটাৰৰ মুঠ আঠখন ষ্টেডিয়ামত বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত ১২ দিন গ্ৰোপ পৰ্যায়ত মেচ অনুষ্ঠিত হ’ব। এই গ্ৰোপ পৰ্যায়ৰ মেচসমূহ প্ৰতিদিনে চাৰিখনকৈ অনুষ্ঠিত হ’ব। আনহাতে কোৱাৰ্টাৰ ফাইনেলৰ পৰা ফাইনেল মেচখনলৈকে প্ৰতিটো পৰ্যায়ত দুদিনকৈ বিৰতি থাকিব।

ফিফাই ঘোষণা কৰা এই সূচী অনুসৰি কাটাৰৰ স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত, বিয়লি ৪ বজাত, সন্ধিয়া ৭ বজাত আৰু নিশা ১০ বজাত গ্ৰোপ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব। আনহাতে গ্ৰোপৰ শেষ ৰাউণ্ডৰ মেচসমূহ আৰু নকআউট পৰ্যায়ৰ মেচসমূহ সন্ধিয়া ৬বজাত আৰু নিশা ১০বজাত অনুষ্ঠিত হ’ব।

ফিফাই জনোৱা অনুসৰি বিশ্বকাপখনৰ চূড়ান্ত সূচী ২০২২ চনৰ মাৰ্চ,এপ্ৰিল মাহত ঘোষণা কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments