Wednesday, October 5, 2022
HomeNewsতলাবন্ধ: অসমৰ তাৰকা বক্সাৰসকল কিহত ব্যস্ত?

তলাবন্ধ: অসমৰ তাৰকা বক্সাৰসকল কিহত ব্যস্ত?

সমস্ত দেশেই এই মুহূৰ্তত স্তব্ধ। স্তদ্ধ হৈ পৰিছে স্বাভাৱিক জন জীৱন। এনে এক সময়ত কেৱল সামাজিক অথবা অৰ্থনৈতিক দিশতে নহয় , ক্ৰীড়াৰ ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশ্বৰ সমস্ত ক্ৰীড়া প্ৰতিযোগিতা স্থগিত ঘোষণা কৰা হৈছে। ক্ৰীড়াবিদসকল ঘৰতে আৱদ্ধ হৈ পৰিছে। এনে এক কঠিন সময়ত ঘৰত আৱদ্ধ হৈ পৰা অসমৰ বক্সিং জগতৰ তাৰকাসকল কিহত ব্যস্ত।তেওঁলোকে আজৰি সময় কিদৰে অতিবাহিত কৰিছে। এই সম্পৰ্কে জানিবলৈ আমি কাষ চাপিছিলো বহুকেইগৰাকী বক্সাৰৰ। তাৰেই প্ৰথম প্ৰতিবেদনত আমি আগবঢ়ালো তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই, যমুনা বড়ো, অংকুশিতা বড়োৰ দৈনিক জীৱনপঞ্জীৰ কিছু কথা। প্ৰথেমেই জানো আহক সৌ সিদিনা অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ লাভলীনাই কিদৰে সময় অতিবাহিত কৰিছে।


ভাগিনৰ সৈতে সময় কটাইছে লাভলীনাই

আজৰিৰ এই সময়ছোৱাত লাভলীনায়ো আনৰ দৰে নিজে ভাল পোৱা কাম কৰি সময় পাৰ কৰিছে যদিও নিতৌ পুৱা গধূলি অনুশীলনো চলাই নিছে। ঘৰৰ সীমিত সুবিধাতে নিজৰ বক্সিঙৰ যাৱতীয় অনুশীলন চলাই আছে দেশৰ আগশাৰীৰ বক্সাৰগৰাকীয়ে। উল্লেখযোগ্য যে লাভলীনাৰ দৰে অলিম্পিকলৈ নিৰ্বাচিত হোৱা বক্সাৰসকলক ঘৰত থাকিয়ে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে বক্সিং ফেডাৰেচন অৱ ইন্ডিয়াই। ফেডাৰেচনৰ আহ্বান আখৰে আখৰে পালন কৰিছে লাভলীনায়ো। পুৱা উঠিয়েই কেইবা কিলোমিটাৰ দৌৰে তাই। তাৰ পাছত শাৰীৰিক কচৰৎ। আৰু কিছু সময় পাছত পুৱাৰ আহাৰ গ্ৰহণ কৰে লাভলীনাই। ইয়াৰ পিছতে লাভলীনা ব্যস্ত হৈ পৰে সৌ সিদিনা জন্ম লাভ কৰা লাভলীনাৰ ভাগিনটিৰ সৈতে। ভাগিনৰ সৈতে সময় কটাই আনন্দৰ দিন পাৰ কৰিছে লাভলীনাই। ইয়াৰ উপৰিও এই সময়ছোৱাতে নতুনকৈ কিতাপ পঢ়া আৰু ছবি উপভোগ কৰাটো ব্যস্ত হৈ পৰিছে তাৰকা বক্সাৰগৰাকী। বৰ্তমান লাভলীনাই পঢ়ি আছে ৰীতা চৌধুৰীৰ মাকাম। তাৰ উপৰি এইকেইদিন ৰান্ধনীৰ ভূমিকাও পালন কৰিছে লাভলীনাই। বাৰীৰ কচু, মানিমুনি আদি বুটলিবলৈ যোৱাৰ লগতে তাৰে আঞ্জা ৰান্ধি ঘৰৰ সকলোকে আপ্যায়নো কৰিছে লাভলীনাই। কেতিয়াবা আকৌ মাছো ধৰিছে বক্সাৰ লাভলীনাই। মুঠতে এক ব্যস্ত সূচীৰ পৰা কিছু আহৰি পাই সম্পূৰ্ণ ঘৰুৱা পৰিৱেশ পূৰ্ণোদ্যমে উপভোগ কৰিছে অসমৰ অলিম্পিকৰ সম্ভাৱনা লাভলীনাই।

মাতৃক ঘৰুৱা কামত সহায় কৰিছে অংকুশিতাই

শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ মেঘাইজাৰণিৰ কন্যা অংকুশিতা বড়োয়েও বৰ্তমান নিজ ঘৰতে সময় কটাইছে। নিতৌ চাৰি ঘণ্টাকৈ সময় শাৰীৰিক অনুশীলন চলাই গৈছে ঘৰত থাকিয়েই। পুৱা দুঘণ্টা আৰু বিয়লি দুঘণ্টা অনুশীলনত ব্যস্ত থাকে উদীয়মান বক্সাৰগৰাকী। কেতিয়াবা সাৰথি হয় তেওঁৰ মাজু ভনীয়েক ধৃতিস্মিতা। ইয়াৰ উপৰি বাকী আজৰি সময়ত অংকুশিতাই ঘৰুৱা কামত মাকক সহায় কৰিছে। কেতিয়াবা যদি ঘৰ মচা, বাচন বৰ্তন ধুৱা আদিত লাগিছে আকৌ কেতিয়াবা ৰন্ধা-বঢ়াটো হাতে কামে লাগিছে যুৱ বক্সাৰগৰাকী। ঘৰৰ আগফালৰ ফুলনি জোপাৰো যত্ন লৈছে অংকুশিতাই এই আজৰি দিনকেইটাত। লক ডাউনৰ সময় সীমাৰ অন্ত পৰিলেই পুনৰ নাহৰলগুনৰ ছাই কেন্দ্ৰত যোগ দিবগৈ অংকুশিতাই।

নতুনকৈ ৰান্ধিবলৈ শিকিছে যমুনাই


ইফালে বক্সাৰ যমুনা বড়োও বৰ্তমান আছে ঢেকীয়াজুলিৰ নিজা বাসগৃহত। ঘৰত থাকিয়েই পুৱা গধূলি বিভিন্ন শাৰীৰিক কচৰৎ কৰি সময় অতিবাহিত কৰিছে যমুনাই। শাৰীৰিক কচৰতৰ লগতে যোগ আৰু প্ৰাণয়মো নিয়মিত কৰি আছে যমুনাই। তাৰোপৰি আজৰি সময়খিনি যমুনাই নতুনকৈ ৰান্ধিবলৈ শিকিছে। যমুনাই আগতে ৰান্ধিবলৈ নাজানিছিল। এই দিনকেইটাত ভাত বান্ধিব শিকাৰ উপৰি পাষ্টা, চাওঁমিন আদিও ৰান্ধিবলৈ শিকিছে যমুনাই। তাৰোপৰি যমুনাই ‘পাব জি’ খেলি ভাল পায়। আগতে ব্যস্ত সূচীৰ বাবে পাব জি খেলিবলৈ বিশেষ সুবিধা লাভ নকৰিছিল যদিও এতিয়া আজৰি সময়ত ‘পাব জি’ খেলি কটাইছে যমুনাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments