অলিম্পিয়া প্রতিবেদন
সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ৪৪ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰাধাগোবিন্দ বৰুৱা স্মৃতি সংঘৰ উদ্যোগত ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ১৭ গৰাকী ক্রীড়াবিদ তথা ক্রীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হয়।
ৰাজ্যৰ ক্রীড়ামন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানত অসম অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন, বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মা, বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম অলিম্পিক সন্থাৰ উপ সভাপতি প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ কোঁৱৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাপতি জেহিৰুল হকৰ সভাপতিত্ব অনুষ্ঠিত সভাত সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে, ক্রীড়া সংগঠক আব্দুল মতিম, অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া, ৰমেন দাস, মুৰুলীধৰ চৌধুৰী, প্ৰফুল্ল তালুকদাৰ, গণেশ তামুলী, ডঃ মতিলাল নুনিছা, ধৰ্মেশ্বৰ কোঁৱৰ, যতীন শৰ্মা, মনোজ চৌধুৰী, দীপক সন্দিকৈ, অৰুণ জ্যোতি মৰাণ, শিৱ থাপা, লাভলীনা বৰগোঁহাই, অস্মিতা চলিহা, দিলীপ কুমাৰ দাস, কৰুণা শইকীয়া। সংঘৰ সাধাৰণ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে আঁত ধৰা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে ৰাধাগোবিন্দ বৰুৱাৰ কৰ্মৰাজি প্ৰচাৰ তথা প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সংশ্লিষ্ট পক্ষৰ প্ৰতি আহ্বান জনায়।