অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যত চলি থকা ৰাধাগোবিন্দ বৰুৱা অনুর্ধ ১৬ বৰ্ষৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ আজিৰ অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শিলচৰৰে মুখামুখি হৈছে তেজপুৰ। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ মেচসমূহ বৰপেটাত অনুষ্ঠিত হৈছে।
২ দিনীয়া ফৰ্মেটত অনুষ্ঠিত ছেমি ফাইনেলৰ আজি প্ৰথম দিনৰ খেলত শিলচৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। শিলচৰে ৪৩.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২০২ ৰান। প্ৰত্যুত্তৰত তেজপুৰে দিনান্তলৈ ৫ টা উইকেট হেৰুৱাই ১৩৫ ৰান সংগ্ৰহ কৰে।
আজিৰ মেচত বলিঙত উজলি উঠে তেজপুৰৰ ডেৰহাছা বড়ো। উদীয়মান বলাৰজনে ১৭ অভাৰত ৭৭ ৰান ব্যয় কৰি দখল কৰে ৮ টাকৈ উইকেট।