অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যত চলি থকা ৰাধাগোবিন্দ বৰুৱা অনুর্ধ ১৬ বৰ্ষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি এন এফ ৰেলৱেৰে মুখামুখি হৈছে নগাঁও। দুদিনীয়া ফৰ্মেটত অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথমটো দিনত আজি এন এফ ৰেলৱেই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
বৰষুণৰ বাবে যথেষ্ট পলমকৈ আৰম্ভ হোৱা মেচখনত নগাঁও দলটোৱে প্ৰথমে বেটিং কৰি কেৱল ৬৬ ৰানতে অল আউট হয়। নগাঁৱৰ শ্বামিম আহমেদে ২৭ ৰান কৰাৰ বাদে দলটোৰ বাকী খেলুৱৈসকল ব্যৰ্থ হয়। এন এফ ৰেলৱেৰ দেৱাংশু ঘোষ আৰু যিয়াদ জামানে ৩ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। কঙ্কণ কাশ্যপে দখল কৰে ২ টা উইকেট।
প্ৰত্যুত্তৰত এন এফ ৰেলৱেই দিনান্তলৈ এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰে ২৫ ৰান। এন এফ ৰেলৱেৰ সিদ্ধাৰ্থ মিত্ৰই ১৩, ৰাজবীৰ সিঙে ৬ ৰান কৰি অপৰাজিত হৈ থাকে।