Tuesday, October 4, 2022
HomeNewsইনকিয়ঙলৈ অসম ৰাফটিং দল ৰাওনা

ইনকিয়ঙলৈ অসম ৰাফটিং দল ৰাওনা

অলিম্পিয়া প্ৰতিবেদন

অৰুনাচল প্ৰদেশৰ চিয়াং নদীৰ ইনকিয়ং আৰু পাচিঘাটত অহা ৫ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ১৫ সংখ্যক ৰাষ্ট্ৰীয় ৰাফটিং চেম্পিয়নশ্বিপলৈ অসমৰ পৰা ৮ জনীয়া ৰাফটিং দল এটি অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে । বুধবাৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত এক ফ্লেগ অফ কাৰ্যসূচীৰ জড়িয়তে বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে ফ্লেগ অফ কৰি দলটোক শুভেচ্ছা জনায় । অসম ৰাফটিং এণ্ড ৱাটাৰ স্পৰ্টছ এচ’ছিয়েচনৰ তত্বাৱধানত উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া দলটোৰ সদস্যসকল হ’ল — দিৱাকৰ ডেকা (অধিনায়ক), অনুপ ডেকা, অম্লান ডেকা, হেমেন শইকীয়া, বিদ্যুৎ কলিতা আৰু ভৱানন্দ দলে । দলৰ মেনেজাৰ — নৌচাদ হুচেইন, প্ৰশিক্ষক- পূৰ্ণ ডেকা । উল্লেখ কৰিব পাৰি যে অৰুনাচল প্ৰদেশ ৰাফটিং এচ’ছিয়েচনে আয়োজন কৰা ১৫ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দেশৰ ১৭ টা দলে অংশগ্ৰহণ কৰিব । অসম ৰাফটিং এণ্ড ৱাটাৰ স্পৰ্টছ এচ’ছিয়েচনৰ সম্পাদক অৱিনাশ টায়েই আঁত ধৰা ফ্লেগ অফ কাৰ্যসূচীত ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ উপৰি এছ এল এ চিৰ সদস্য সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক পাৰ্থ পেগু, উপ সঞ্চালক অন্তৰা গগৈ, অসম ৰাফটিং এণ্ড ৱাটাৰ স্পৰ্টছ এচ’ছিয়েচনৰ সভাপতি নৌচাদ হুচেইন, যুটীয়া সম্পাদক হিলদুল গগৈ, কাৰ্যকৰী সদস্য উদয়জিৎ বুঢ়াগোহাঞি সহিতে সন্থাৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments