অলিম্পিয়া প্ৰতিবেদন
শান্ত, সৌম্য, নম্র স্বভাৱৰ আজিংক্য ৰাহানেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে ক্ৰিকেট হৈছে ভদ্ৰ লোকৰ খেল। অষ্ট্ৰেলিয়াত বিৰাট কোহলিৰ অনুপস্থিতিত দলৰ দায়িত্ব মূৰ পাতি লোৱা ৰাহানেই নিজৰ শান্ত সমাহিত ব্যক্তিত্বৰে কেৱল অষ্ট্ৰেলিয়াৰ মাটিতে দলটোক পৰাস্ত কৰাই নহয় ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীকো পুনৰ ঘূৰাই আনিলে দেশলৈ। তাৰ লগতে পুনৰবাৰ প্ৰমাণ কৰিলে অধিনায়কৰ বাবে যে তেওঁ কিমান উপযুক্ত।
অষ্ট্ৰেলিয়াৰ মাটিত এটা অনভিজ্ঞ দলৰ নেতৃত্ব লৈ চিৰিজ জয় কৰাৰ অহাৰ পিছতেই স্বাভাৱিকতেই ৰাহানেই লাভ কৰিলে উষ্ণ আদৰণি। গৃহ চহৰত লাভ কৰা উষ্ণ আদৰণি লাভ কৰি গৃহ অভিমুখে ৰাওনা হোৱা ৰাহানেক তেওঁৰ চুবুৰীত আদৰিবলৈ চুবুৰীয়াই আয়োজন কৰিছিল আন এক বিশেষ কাৰ্যসূচী। তাৰ বাবে এটা কেক সাজু কৰি তোলা হৈছিল। ওচৰ চুবুৰীয়াই ইতিহাস সৃষ্টিকাৰী অধিনায়কগৰাকীক সেই বিশেষ কেকটো কাটিবলৈ অনুৰোধ কৰিছিল যদিও সময়ত কেকতো কাটিবলৈ অমান্তি হয় ক্ৰিকেটাৰগৰাকী।
কিন্তু ইয়াৰ অন্তৰালৰ কাহিনী জানিলে ৰাহানেৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাব আপোনাৰ। ৰাহানেই কেকটো কাটিব বিচৰা নাছিল কাৰণ কেকটো আছিল কেংগাৰুৰ আৰ্হিত নিৰ্মিত। ইপিনে কেংগাৰু হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী। কেংগাৰুৰ আৰ্হি কেক কাটি অষ্ট্ৰেলিয়াৰ প্ৰতি অসন্মান দেখোৱাৰ পৰা বিৰত থাকিবলৈয়ে এইদৰে কেকটো নাকাটিলে ৰাহানেই। ৰাহানেৰ এনে মহানুভৱতাক লৈ এতিয়া সৰ্বত্ৰে চর্চা হৈছে। ক্রিকেটাৰ গৰাকীৰ এনে মহান চিন্তাক এতিয়া বহুজনে প্ৰশংসা কৰিছে সামাজিক মাধ্যমত।