Monday, October 3, 2022
HomeNewsৰাহুল দ্ৰাবিড় আৰু তেওঁৰ বিশেষ মহিলা অনুৰাগীগৰাকী

ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ বিশেষ মহিলা অনুৰাগীগৰাকী

অলিম্পিয়া বিশেষ লেখা

ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্রিকেটৰ এক গহীন চৰিত্ৰ। স্বল্পভাষী ব্যক্তিত্বৰ ক্ৰিকেটাৰগৰাকীক ‘দ্য ৱাল’ বোলাৰ আগতে ‘দ্য কুল’ বুলিও অভিহিত কৰিব পাৰি। যথেষ্ট শান্ত সমাহিত মানুহগৰাকীৰ জীৱন শৈলীও অতি সাধাৰণ।

এক দীঘলীয়া ক্ৰিকেটীয় কেৰিয়াৰৰে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ মনত সাঁচ বহুওৱা এইজন ক্ৰিকেটাৰ স্বাভাৱিকতেই বৰ্ণিল অভিজ্ঞতাৰো সাক্ষী। তেনে অসংখ্য অভিজ্ঞতাৰ মাজৰ আমোদজনক অভিজ্ঞতা এটাৰ বিষয়ে এবাৰ ক্ৰিকেটাৰজনে নিজ মুখে ব্যক্ত কৰিছিল বিশিষ্ট সাংবাদিক বিক্ৰম সাথায়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত। বিক্ৰম সাথায়াৰ বিখ্যাত অনুষ্ঠান ‘হোৱাট দ্য ডাক’ত ৰাহুল দ্ৰাবিড়ে স্মৃতিৰ মানসপটৰ পৰা ব্যক্ত কৰিছিল এগৰাকী বিশেষ মহিলা অনুৰাগীৰ বিষয়ে।

হোৱাট দ্য ডাক অনুষ্ঠানটোৰ এক দৃশ্যাংশ

সেয়া আছিল ৰাহুল দ্ৰাবিড়ৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি সময়ছোৱাৰ কথা। সেই সময়ত সুদূৰ হায়দৰাবাদৰ পৰা এগৰাকী মহিলা অনুৰাগী আহি ওলাইছিলহি দ্ৰাবিড়ৰ বেংগালুৰুস্থিত বাসগৃহ। দ্ৰাবিড়ৰ পিতৃ মাতৃয়ে আকৌ পুত্ৰৰ অনুৰাগীসকলক যথেষ্ট আদৰ সাদৰ কৰাৰ উদাহৰণ আছে। বাকীবোৰৰ দৰে সেইগৰাকী অনুৰাগীকো চাহ জলপানেৰে আপ্যায়িত কৰা হ’ল। সেই সময়ত দ্ৰাবিড় আছিল নিজৰ কোঠাত নিদ্ৰাত মগ্ন হৈ। ইপিনে বাহিৰত আছিল অপেক্ষাৰত তেওঁৰ অনুৰাগী। দ্ৰাবিড়ে কিছু সময়ৰ পাছতেই ওলাই আহিছিল অনুৰাগীক লগ ধৰিবলৈ। আশা কৰিছিল অটোগ্ৰাফ দিব, অটোগ্ৰাফ লৈ বিদায় মাগিব অনুৰাগীয়ে। কিন্তু বাস্তৱত সেয়া ঘটা নাছিল। অনুৰাগীয়ে অটোগ্ৰাফ লাভ কৰাৰ পিছতো যাবলৈ মান্তি ন’হল। জেদ ধৰিলে দ্ৰাবিড়ৰ বাসগৃহতে থকাৰ। ক’লে বোলে ঘৰ এৰি গুচি আহিছে চিৰদিনৰ বাবে। এতিয়া দ্ৰাবিড়ৰ পৰিয়ালৰ সদস্য হ’ব খোজে তেওঁ। অনুৰাগী নাচোৰবান্দা। কোনো কাৰণতেই ঘৰলৈ উভতি নাযায়। অৱশেষত দ্ৰাবিড়ৰ পৰিয়াল পুলিচৰ কাষ চাপিল। যুৱতী অনুৰাগীৰ ঘৰৰ সৈতেও যোগাযোগ কৰা হ’ল। আৰু তেনেদৰেই পুলিচৰ সহায় লৈ অনুৰাগীক ঘৰলৈ উভতাই পঠিওৱা হ’ল।

সাক্ষাৎকাৰটোত দ্ৰাবিড়ে ঘটনাটোৰ বৰ্ণনা কৰি সেই সময়ত পিতৃ মাতৃৰ ওপৰত অসন্তুষ্ট হোৱাৰ কথা অকপতে স্বীকাৰো কৰিছিল। অৱশ্যে পিছলৈ দ্ৰাবিড়ৰ পিতৃ মাতৃও সাৱধান হ’ল। আগৰ দৰে যধে মধে অচিনাকি লোকক ঘৰত প্ৰৱেশৰ অনুমতি দিয়াৰ অভ্যাস চিৰদিনৰ বাবে ত্যাগ কৰিলে দ্ৰাবিড়ৰ পিতৃ মাতৃয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments