অলিম্পিয়া প্রতিবেদন
হঠাৎ প্ৰচণ্ড খং উঠিল সততে শান্ত স্বভাৱৰ বুলি জনাজাত ৰাহুল দ্ৰাবিড়ৰ। ‘দ্য ৱাল’ খ্যাত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ এনে আচৰণে এতিয়া ধুমুহা তুলিছে সামাজিক মাধ্যমত। মুহূৰ্ততে ভাইৰেল হৈ পৰিছে ৰাজপথত ৰাহুলৰ উগ্ৰমূৰ্তি ধাৰণৰ ভিডিঅ’। ৰাজপথত আনৰ গাড়ীৰ গ্লাছ ভঙাৰ পৰা আৰম্ভ কৰি গাড়ীত থিয় হৈ নিজকে ইন্দিৰা নগৰৰ গুণ্ডা বুলি দাবী কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।
কিন্তু সততে শান্ত, আমায়িক স্বভাৱৰ ৰাহুল দ্ৰাবিড়ৰ এনে অস্বাভাৱিক খং উঠাৰ কাৰণ কি জানিলে আপুনি আশ্বস্ত হ’ব যে, নাই, আপোনাৰ প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ খং প্রকৃততে ভুৱা। আচলতে, এটা বিজ্ঞাপনত অভিনয় কৰাৰ সূত্ৰেহে দ্ৰাবিড়ক এনে উগ্ৰ ৰূপত দেখা পোৱা গৈছে।
ক্ৰেডিট কাৰ্ড বিল পৰিশোধৰ প্লেটফৰ্ম CREDৰ এটা বিজ্ঞাপনত তেওঁক এই ৰূপত দেখা পোৱা গৈছে। উক্ত বিজ্ঞাপনৰ সেই ভিডিঅ’টো সম্প্ৰতি ট্রেণ্ডিঙত আছে। সকলোৱে ভিডিঅ’টো শ্বেয়াৰ কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে সামাজিক মাধ্যমত।
বিজ্ঞাপনটোত প্ৰথমে অভিনেতা জিম চাৰ্ভে দৰ্শকক উদ্দেশ্যি কয় যে “যেতিয়া আপুনি আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিল চিআৰইডি(CRED)ত পৰিশোধ কৰে, আপুনি চিআৰইডি(CRED)ৰ মুদ্ৰা উপাৰ্জন কৰে। সেই মুদ্ৰাৰে আপুনি কেছবেক আৰু পুৰষ্কাৰ দাবী কৰিব পাৰে । মই জানো, এইটো হাস্যকৰ যেন লাগিছে। এয়া ৰাহুল দ্ৰাবিড়ৰ খঙৰ সমস্যা আছে বুলি কোৱাৰ দৰে।” এইবুলি কোৱাৰ লগে লগে ভিডিঅ’টোত ৰাহুল দ্ৰাবিড়ৰ খং থকা হ’লে কেনেকুৱা ৰূপ ধাৰণ কৰিলেহেঁতেন তাৰ এক কাল্পনিক ছবি তুলি ধৰা হয়।
আন বহুতৰ লগতে ভাৰতীয় জাতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়েও ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে, এয়া দ্ৰাবিড়ৰ কেতিয়াও নেদেখা এটা ৰূপ।