“সততে দেখিবলৈ নোপোৱা এটা দৃশ্য। সততা, তথ্যপূৰ্ণ আৰু পৰম্পৰা ভংগৰ এটা আলোচনা। আমি কৰিলোঁ, এতিয়া আপোনালোকৰ পাল- মাহেকীয়াৰ বিষয়ে কথা পাতো আহক।” আই পি এল দল ৰাজস্থান ৰয়েলছে টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰা এটা ভিডিঅ’ৰ সৈতে সংলগ্ন আছিল উক্ত কথাখিনি।
ৰবীন উত্থাপা, ৰাহুল টিৱাতিয়া, যছ বাটলাৰ আৰু ডেভিড মিলাৰে উক্ত ভিডিঅ’ত সিদিনা কথা হৈছিল মহিলাৰ ঋতুশ্ৰাৱৰ বিষয়ে।কেউজনে বিনাদ্বিধাই আলোচনা কৰিছিল মহিলাৰ ঋতুশ্ৰাৱৰ সৈতে জড়িত বিষয়ৰ ওপৰত নানা কথা।
ঋতুশ্ৰাৱ সম্বন্ধে তেওঁলোকৰ ধাৰণা, অভিজ্ঞতা, বিষয়টোৰ সৈতে জড়িত হৈ থকা stigma আদিৰ বিষয়ে ক্ৰিকেটাৰ কেইগৰাকীয়ে মুকলিকৈ আলোচনা কৰিছিল। এটা উদাহৰণ প্ৰতিষ্ঠা কৰাৰ অংশ আছিল সেয়া। আচলতে, ৰাজস্থান ৰয়েলছৰ অংশীদাৰৰিত্ব আছিল Niine India নামৰ এটা ব্ৰেণ্ডৰ সৈতে, যিটো নেকি এটা মহিলাৰ স্বাস্থ্য বিধিৰ সৈতে জড়িত সামগ্ৰী বিক্রেতা এটা সংস্থা।
ভিডিঅ’টোৰ জৰিয়তে Niine India আৰু ৰাজস্থান ৰয়েলছে যুটীয়াভাৱে মহিলাৰ ঋতুশ্ৰাৱৰ দৰে সততে সমাজত এৰাই চলা বিষয় এটাক উপস্থাপন কৰাৰ প্ৰয়াস কৰে।
অনুষ্ঠানটোত ঋতুশ্ৰাৱ সম্পৰ্কীয় অন্ধবিশ্বাস, পি এম এছ( Pre Menstrural Syndrome), চেনিটেৰী নেপকিনৰ ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰে চাৰিওজন ক্ৰিকেটাৰে। ব্যক্তিগত জীৱনত তেওঁলোকে ঋতুশ্ৰাৱৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছে আৰু তেওঁলোকৰ জীৱনসংগীক এই সময়ছোৱাত কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কেও মনৰ ভাৱ ব্যক্ত কৰে কেওজনে।
অনুষ্ঠানটোৱে ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক জনসমৰ্থন লাভ কৰিছে। বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে দলটোৰ এই প্ৰচেষ্টাক শলাগ লৈছে।