অলিম্পিয়া প্ৰতিবেদন
দেশৰ ক্ৰিকেট প্ৰতিভাসমূহক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি আই পি এলৰ অন্যতম ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ তত্বাৱধানত আজি অসমত মুকলি কৰা হয় এখন ক্ৰিকেট একাডেমীৰ। বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা এই ক্ৰিকেট একাডেমীখনেই হৈছে ৰাজস্থান ৰয়েলছৰ তত্বাৱধানত নিৰ্মাণ হ’বলগীয়া উত্তৰ-পূবৰ প্ৰথমখন ক্ৰিকেট একাডেমী।

আজি সৰস্বতী পূজাৰ পবিত্ৰ দিনটোতে বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে ৰাজস্থান ৰয়েলছৰ কাৰ্যবাহী সঞ্চালক ৰঞ্জিত বৰঠাকুৰ, দলটোৰ চি ই অ’ মাইক ফৰধাম, উপ-সভাপতি ৰাজীৱ ছাক্সেনা, ৰাজস্থান ৰয়েলছৰ মহিলা ক্ৰিকেট উন্নয়ন বিভাগৰ বিষয়া শ্ৰুসি কুলশ্রেষ্ঠা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়া, উপ-সভাপতি পৰীক্ষিত দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, এ চি এৰ কোষাধ্যক্ষ ত্ৰিদিব দুৱৰা, ষ্টেট ক্ৰিকেট একাডেমীৰ টেকনিকেল ডিৰেক্টৰ গণেশ দত্ত সুঘ আদি বিশিষ্ট ব্যক্তিসকল।

উল্লেখযোগ্য যে, ক্ৰিকেট একাডেমীখনে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ক্ৰিকেট প্ৰতিভাকো সামৰি ল’ব। একোজন খেলুৱৈৰ ক্ৰিকেটীয় প্ৰতিভাৰ লগতে শিক্ষা-দীক্ষাৰ লগতে খেলুৱৈজনৰ সামগ্ৰিক বিকাশৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিব এই একাডেমীয়ে। ৰাজস্থান ৰয়েলছৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অসমৰ খেলুৱৈৰ লগতে স্থানীয় প্ৰশিক্ষকসকলকো বিশেষ প্ৰশিক্ষণ দিয়া হ’ব এই একাডেমীত।
আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজস্থান ৰয়েলছৰ কাৰ্যবাহী সঞ্চালক ৰঞ্জিত বৰঠাকুৰে অসমত ক্ৰিকেটৰ প্ৰসাৰৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই লোৱা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে এই ক্ৰিকেট একাডেমীৰ জৰিয়তে প্ৰথম পৰ্যায়ত উত্তৰ-পূবৰ ১০০০ গৰাকী প্ৰতিভাক চিনাক্ত কৰি উলিওৱা হ’ব।তেওঁ ৰাজ্যত ক্রীড়া আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালকৈ গছ ৰোপনৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবেও আগবাঢ়ি আহিবলৈ এ চি এক আহ্বান জনায়।

আদৰণি ভাষণত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে ৰাজস্থান ৰয়েলছে সদায় নতুন খেলুৱৈসকলক সুযোগ প্ৰদান কৰাৰ লগতে এখন উপযুক্ত মঞ্চ প্ৰদান কৰি আহিছে। ৰাজস্থান ৰয়েলছৰ তত্বাৱধানত আগন্তুক সময়ত অসমৰ পৰা ৰিয়ান পৰাগৰ দৰে আৰু বহুতো ক্ৰিকেট প্ৰতিভা ওলাই আহিব বুলি শইকীয়াই আশা প্ৰকাশ কৰে।
অনুষ্ঠানৰ শেষত এক অভাৰৰ বন্ধুত্বমূলক এক ক্ৰিকেট মেচত অংশ লয় এ চি এৰ সম্পাদক দেৱজিৎ শইকীয়া, ৰঞ্জিত বৰঠাকুৰ, গণেশ দত্ত সুঘ আৰু মাইক ফৰধামে।