Wednesday, July 6, 2022
HomeNewsপ্লে অফৰ পৰা বাহিৰ ৰাজস্থান ৰয়েলছ; ৰিয়ানৰ শূণ্য!

প্লে অফৰ পৰা বাহিৰ ৰাজস্থান ৰয়েলছ; ৰিয়ানৰ শূণ্য!

অলিম্পিয়া প্ৰতিবেদন

বহু তাৰকা খেলুৱৈৰে সমৃদ্ধ হোৱাৰ পিছতো ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ ২০২০ সংস্কৰণৰ পৰা বাহিৰ হ’বলগা হৈছে ৰাজস্থান ৰয়েলছ।

দেওবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে শোচনীয় পৰাজয়ৰ সম্মুখীন হয় দলটো। বেটে-বলে ব্যৰ্থ হয় ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটো। মেচখনত ৬০ ৰানত পৰাজয় স্বীকাৰ কৰে স্মিথ বাহিনীয়ে। ইয়াৰ লগে লগেই প্লে অফৰো আশা নিৰ্বাপিত হয় দলটোৰ। কলকাতাই প্ৰথমে বেট ধৰি ১৯২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৰাজস্থানক। তাৰ প্ৰত্যুত্তৰত নিৰ্ধাৰিত ২০ অভাৰত কেৱল ১৩১ ৰান কৰিয়েই ইনিংছ সামৰে দলটোৱে।

ৰবিবাৰৰ মেচখনত ব্যৰ্থ হয় অসমৰ ৰিয়ান পৰাগ। ৭ টা বল খেলি ০ তেই আউট হয় অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী। অৱশ্যে কেৱল ৰিয়ান পৰাগেই নহয়, ৰাজস্থান ৰয়েলছৰ ষ্টিভ স্মিথ, বেন ষ্ট’কছ, সঞ্জু চেমছনৰ দৰে তাৰকা ক্ৰিকেটাৰেই ব্যৰ্থ হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments