Wednesday, October 5, 2022
HomeNewsৰাজস্থান ৰয়েলছ দললৈ অসমৰ তিনিগৰাকী বলাৰ

ৰাজস্থান ৰয়েলছ দললৈ অসমৰ তিনিগৰাকী বলাৰ

অলিম্পিয়া বাৰ্তা

সমাগত আই পি এল। ছেপ্টেম্বৰ মাহৰ ১৯তাৰিখৰ পৰা সংযুক্ত আৰব আমিৰ শ্বাহীত অনুষ্ঠিত হ’ব ২০২০ বৰ্ষৰ আই পি এল। কৰ’না ভাইৰাছৰ বাবে এইবাৰ আই পি এল ভাৰতৰ পৰা আৰবলৈ স্থানান্তৰ কৰিবলগীয়া হ’ল। সকলো ঠিকেই থকা হ’লে অসমতো অনুষ্ঠিত হ’ল হয় দুখনকৈ আই পি এলৰ মেচ। অসমৰ ক্ৰিকেট অনুৰাগীসকল আই পি এল চোৱাৰ পৰা বঞ্চিত হ’লেও অৱশ্যে তিনিজন অসম সন্তানৰ বাবে আহিছে সুখবৰ। ৰাজস্থান ৰয়েলছ দলে নেট প্ৰেক্টিছৰ বাবে আমন্ত্ৰণ জনাইছে অসমৰ তিনিজন প্ৰতিভাশালী বলাৰক।

২০১৯ বৰ্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ বেটে-বলে সুন্দৰ প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অসমৰ ৰিয়ান পৰাগে। চলিত বৰ্ষত সকলোৱে আশা কৰিছিল অসমৰ মাটিতে ৰিয়ানৰ বেটিং আৰু বলিং পৰাক্ৰম চাবলৈ সক্ষম হ’ব সকলো। কিন্তু কৰ’নাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু অসমৰে আন তিনিগৰাকী বলাৰৰ প্ৰতিভাত মুগ্ধ হৈ ৰাজস্থান ৰয়েলছ দলে নেট প্ৰেক্টিছৰ বাবে আমন্ত্ৰণ জনালে তিনিজন অসমীয়া বলাৰ ৰাহুল, জিতুমণি আৰু মৃন্ময়।

ফেব্ৰুৱাৰী মাহত গুৱাহাটীত ৰাজস্থান ৰয়েলছে প্ৰস্তুতি শিবিৰ অনুষ্ঠিত কৰিছিল। সেই শিবিৰত উথাপ্পাকে ধৰি বহু কেইগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰস্তুতি শিবিৰলৈ অসম ক্ৰিকেট সন্থাই সকলো নেট বলাৰকে ৰাজস্থান শিবিৰলৈ পঠিয়াইছিল। সেই অনুসৰিয়েই ৰাজস্থান দলে ৰাহুল, জিতুমণি আৰু মৃন্ময়ক দ্বিতীয় পৰ্যায়ৰ শিবিৰলৈয়ো নিমন্ত্ৰণ জনাই। এই দ্বিতীয় পৰ্যায়ৰ শিবিৰ নাগপুৰত অনুষ্ঠিত হৈছিল। কিন্তু কৰ’না মহামাৰীৰ বাবে এই শিবিৰ আধাতে সামৰিবলগীয়া হয়।

এতিয়া পুনৰ আই পি এল আৰম্ভ হোৱাৰ প্ৰস্তুতি চলাৰ লগে লগে পুনৰ নেট অনুশীলন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই অনুশীলন শিবিৰ সংযুক্ত আৰব আমীৰ শ্বাহীতেই অনুষ্ঠিত হ’ব। এই নেট অনুশীলনৰ বাবে ৰাজস্থান ৰয়েলছে ১০ গৰাকী বলাৰক নেট অনুশীলনৰ বাবে লগত লৈ যাব। এই ১০ গৰাকী বলাৰৰ মাজত অসমৰ ৰাহুল, জিতুমণি কলিতা আৰু মৃন্ময় দত্তকো স্থান দিছে।

১৭ আগষ্টত গুৱাহাটীৰ পৰা গৈ মুম্বাইত ৰাজস্থান ৰয়েলছৰ মূল দলৰ লগত যোগ দিবগৈ অসমৰ তিনিগৰাকী বলাৰে। ইতিমধ্যে তিনিওৰে কৰ’নাৰ সকলো পৰীক্ষা কৰা হৈছে আৰু ৰিজাল্ট নিগেটিভ আহিছে। অৱশ্যে সংযুক্ত আৰব আমীৰ শ্বাহীলৈ যোৱাৰ পূৰ্বে আৰু দুটা পৰীক্ষা কৰিব লাগিব ক্ৰিকেটাৰ তিনিজন।

১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পূৰ্বেই নেট বলাৰসকল পুনৰ দেশলৈ ঘূৰি আহিব। মূল প্ৰতিযোগিতা উপভোগ কৰাৰ সুযোগ লাভ নকৰিব। অৱশ্যে তাকলৈ বলাৰ কেইজনৰ কোনো আক্ষেপ নাই। কাৰণ বিশ্বৰ বহু কেইগৰাকী আগশাৰীৰ বেটছমেনৰ আগত নিজৰ বলিং প্ৰদৰ্শন আগবঢ়াবলৈ পাৰিব এই বলাৰ কেইজনে। সকলোৰে এটাই আশা নিজৰ সৰ্বস্ব উজৰি নেটত প্ৰদৰ্শন দাঙি ধৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments