Tuesday, October 4, 2022
HomeNewsপিতৃৰ মৃত্যুৰ দুবছৰৰ পাছত আই পি এলৰ প্ৰিয় দলত স্থান পালে পুত্রই...

পিতৃৰ মৃত্যুৰ দুবছৰৰ পাছত আই পি এলৰ প্ৰিয় দলত স্থান পালে পুত্রই !!

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী তৰুণ ক্ৰিকেটাৰৰ সাফল্যৰ কাহিনী । মৃত পিতৃৰ সপোন পূৰ্ণ কৰিলে সন্তানে । ক্ৰিকেটাৰজনৰ নাম ৰাজবৰ্ধন হাঙ্গাৰগেকাৰ । এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ৰাজবৰ্ধনক লৈ কৰা ভৱিষ্যতবাণী হল সঁচা ।

পিতৃৰ মৃত্যুৰ দুবছৰৰ পাছত আই পি এলৰ প্ৰিয় দলত স্থান পালে পুত্ৰই । বেট আৰু বল দুয়োটাতে প্ৰচুৰ দক্ষতা থকা মহাৰাষ্ট্ৰৰ ৰাজবৰ্ধন হাঙ্গাৰগেকাৰে স্থান পাইছে পিতৃৰ প্ৰিয় দল চেন্নাই চুপাৰ কিংছত । তদুপৰি পিতৃৰ প্ৰিয় খেলুৱৈৰ ভিতৰত মহেন্দ্ৰ সিং ধোনিৰ নাম সবাতোকৈ ওপৰত । জীৱিত কালত তেওঁৰ আশা আছিল পুত্ৰই এদিন ধোনিৰ সৈতে একেটা ড্ৰেছিং ৰূমত বহক । ধোনীৰ পৰা শিকক ক্ৰিকেটৰ কৌশল ।
উল্লেখযোগ্য যে ১৯ বছৰ অনূৰ্দ্ধ বিশ্বকাপ শেষ হোৱাৰ পূৰ্বেই ভাৰতৰ জাতীয় দলৰ দুৰ্দান্ত অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ৰাজবর্ধনৰ প্ৰসংগত এই কথা উল্লেখ কৰিছিল যে এইবাৰৰ আই পি এলত ভাৰতীয় যুৱ দলৰ এগৰাকী খেলুৱৈক লৈ টনা আজোৰাৰ সৃষ্টি হ’ব ।কোনটো দলে তেওঁক ক্ৰয় কৰিব সেয়া স্পষ্ট নহলেও তেওঁ যে আই পি এলৰ কোনোবা দললৈ আমন্ত্ৰণ লাভ কৰিব সেয়া নিশ্চিত। সেই কথাই সঁচা প্ৰমাণিত হ’ল ২০২২ বৰ্ষৰ আই পি এলৰ নিলাম প্ৰক্ৰিয়াত । ৫০ লাখ টকাৰ নিৰ্ধাৰিত আধাৰ মূল্যৰ বিপৰীতে বহু ফ্ৰেন্সাইজীয়ে বিচাৰিলে ১৯ বছৰীয়া তৰুণ ক্ৰিকেটাৰ ৰাজবৰ্ধনক । নিলামত দৰ উঠিল কোটি টকাৰ ঘৰত । অৱশেষত, ১ কোটি ৫০ লাখ টকাত চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰিলে ৰাজবৰ্ধনক ।
আই পি এল খেলাৰ সুবিধা পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ক্ৰিকেটাৰজন । এই সন্দৰ্ভত তেওঁ কয়-” দেউতা জীয়াই থকা হলে আজি মোতকৈও বেছি সুখী হলহেঁতেন দেউতা । কাৰণ মই চেন্নাইৰ হৈ খেলাটো মোতকৈও বেছি দেউতাৰ আশা আছিল ।” লগতে তেওঁ কয়, “খেলাৰ বিনিময়ত মই যিমান টকা পাইছোঁ সেয়া মোৰ বাবে ডাঙৰ কথা নহয় । ডাঙৰ কথাটো হ’ল মই মোৰ লগতে দেউতাৰ প্ৰিয় ক্ৰিকেটাৰ ধোনীৰ লগত খেলিবলৈ পোৱাটোহে । পিতৃৰ বিয়োগৰ পাছত বিৰাট কোহলিয়ে যিদৰে ক্ৰিকেটত নিজৰ কেৰিয়াৰ গঢ় দিছে ঠিক তেনেদৰে মইও মোৰ কেৰিয়াৰ গঢ় দিবলৈ চেষ্টা কৰিম ।’ পিতৃৰ শ্ৰমখিনি অথবা সপোনবোৰ যাতে অথলে নাযায়, তাৰবাবে ভৱিষ্যতে অশেষ চেষ্টা কৰাৰ পণ লৈছে ৰাজবৰ্ধনে ।

এয়াই তৰুণ ক্ৰিকেটাৰ ৰাজবৰ্ধনৰ এক সফল কাহিনী । য’ত নিহিত আছে পূজনীয় পিতৃৰ হাজাৰটা আবেগভৰা সপোন । ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে আশা কৰিব — সমাগত আই পি এলত জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীৰ তত্বাৱধানত দুৰ্দান্ত হৈ উঠক ৰাজবৰ্ধন ।তাৰকা ক্ৰিকেটাৰৰ পদাংক অনুসৰণ কৰি স্ব-প্ৰতিভাৰে চেন্নাই ছুপাৰ কিংছত ৰাজবৰ্ধনে প্ৰদৰ্শন কৰক নিজৰ বিক্ৰম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments