Monday, October 3, 2022
HomeNews১০ ফেব্ৰুৱাৰী পৰা ৰঞ্জি ট্ৰফী ক্ৰিকেট :গুৱাহাটী অন্যতম ভেন্যু, অসমে খেলিব হাৰিয়ানাত

১০ ফেব্ৰুৱাৰী পৰা ৰঞ্জি ট্ৰফী ক্ৰিকেট :গুৱাহাটী অন্যতম ভেন্যু, অসমে খেলিব হাৰিয়ানাত

অলিম্পিয়া প্ৰতিবেদন

কৰুনা মহামাৰীৰ বাবে দুবছৰৰ বিৰতিৰ পাছত পুনৰ আৰম্ভ হ’ব ভাৰতৰ সন্মানজনক ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জি ট্ৰফী । এই কথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আই য়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । এইবাৰৰ ৰঞ্জি ট্ৰফীৰ মেচসমূহ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ।প্ৰথম পৰ্যায়ৰ লীগ মেচসমুহ ১০ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ১৫ মাৰ্চত অন্ত পৰিব । ইয়াৰ পাছতে অনুস্থিত হ’ব আই পি এল । আই পি এল শেষ হলে ৰঞ্জি ট্ৰফিৰ দ্বিতীয় পৰ্যায়ৰ নকআউট মেচসমূহ ৩০ মে’ত আৰম্ভ হৈ ২৬ জুনত শেষ হ’ব।এইবাৰ ৰঞ্জি ট্ৰফী মেচসমূহ দেশৰ ৯ টা স্থানত খেলোৱা হ’ব । অংগ্ৰহণকাৰী দলৰ সংখ্যা হব ৩৮ টা । ইয়াৰ ভিতৰত এলীট গ্ৰুপত ৮ টা আৰু প্লেট গ্ৰুপত ১ টাকে ধৰি দলবোৰক ৯ টা গ্ৰুপত ভাগ কৰা হৈছে । প্ৰতিটো এলীট গ্ৰুপত থাকিব ৪ টাকৈ দল। প্লেট গ্ৰুপত থাকিব ৬ টা দল । লীগ পৰ্যায়ত প্ৰতিটো দলে ৩ খন কৈ মেচ খেলিব । এইবাৰৰ ৰঞ্জি ট্ৰফিত মুঠ ৬২ দিনত ৬৪ খন মেচ অনুস্থিত হ’ব । মেচ অনুষ্ঠিত হ’বলগীয়া স্থানবোৰ হ’ল– গুৱাহাটী, চেন্নাই, তিৰুৱনন্তপুৰম , কটক ,দিল্লী, হাৰিয়ানা আহমেদাবাদ আৰু ৰাজকোট । আনহাতে কলকাতাত অনুষ্ঠিত হ’ব প্লেট গ্ৰুপৰ মেচসমূহ ।অসমে এলীট “জি” গ্ৰুপত বিদৰ্ভ , উত্তৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিৰূদ্ধে হাৰিয়ানাত খেলিব । গুৱাহাটীত হ’ব লগা এলীট গ্ৰুপ ‘এইছ’ ৰ মেচত খেলিব দিল্লী, তামিলনাডু, ঝাৰখণ্ড আৰু ছত্তিছগড়ে । কলকাতাত প্লেট গ্ৰুপত খেলিব লগা দলবোৰ হ’ল—বিহাৰ, নগালেণ্ড মণিপুৰ, মিজোৰাম, চিকিম আৰু অৰুণাচল প্ৰদেশ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments