Sunday, October 2, 2022
HomeNewsআৰম্ভ হ'ল ৰঞ্জি ট্ৰফী : বৰ্ষাপাৰাত যশ ধুলৰ শতক

আৰম্ভ হ’ল ৰঞ্জি ট্ৰফী : বৰ্ষাপাৰাত যশ ধুলৰ শতক

অলিম্পিয়া প্ৰতিবেদন

ৰঞ্জি ট্ৰফীৰ সোণালী দিন ঘূৰি আহিছে অসমলৈ । ৭ বছৰৰ অন্তত নেহৰু ষ্টেডিয়ামত পুনৰ ৰঞ্জি ক্ৰিকেট । সজাই পৰাই তোলা হৈছে নেহৰু ষ্টেডিয়াম আৰু বৰ্ষাপাৰা । তৰুণ ক্ৰিকেটাৰ যশ ধুলৰ শতকত জীপাল হল বৰ্ষাপাৰা..

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ভাৰতীয় ক্ৰিকেটৰ মেৰুদণ্ড স্বৰূপ ৰঞ্জি ট্ৰফী । কৰনাকালীন পৰিস্থিতিৰ বাবে ২ টা বছৰে অনুষ্ঠিত হোৱা নাছিল এই প্ৰতিযোগিতা । কিন্তু এই ছিজনত প্ৰায় ৭০৬ দিনৰ পাছত দেশৰ মাটিলৈ উভতিছে ৰঞ্জি ট্ৰফী । মুঠ ৩৮ টাকৈ দলে অংশ লোৱা এই প্ৰতিযোগিতাত কভিডৰ বাবে গঢ়ি তোলা হৈছে সুৰক্ষা বেষ্টনী । দেশৰ ৯ টাকৈ স্হানত অনুষ্ঠিত প্ৰতিযোগিতাৰ অন্যতম ভেন্যু হল গুৱাহাটী ।
প্ৰথমদিনাৰ মেচত নেহৰু ষ্টেডিয়ামত যুঁজত নামিল ছত্তিশগড় বনাম ঝাৰখণ্ড । সেইদৰে বৰ্ষাপাৰাত তামিলনাডুৰ বিৰুদ্ধে যুঁজত অৱৰ্তীণ হ’ল দিল্লী । অসমত অনুষ্ঠিত হ’ব ৬ খনকৈ মেচ । ইয়াৰে পৰৱৰ্তী ২ খন নেহৰু ষ্টেডিয়াম আৰু ২ খন হ’ব বৰ্ষাপাৰাত । সদ্যসমাপ্ত ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক তথা ৰঞ্জিৰ দিল্লী হৈ খেলি যশ ধুলে বৰ্ষাপাৰাত দেখুৱালে পৰাক্ৰম । তেওঁ ১৩৩ টা বলত তামিলনাডুৰ বিৰুদ্ধে কৰিলে শতৰাণ । ইয়াৰ লগে লগে অভিষেক প্ৰথম শ্ৰেণী ক্ৰিকেটত শতৰাণ কৰি নিজৰ লগতে বৰ্ষাপাৰা ষ্টেডিয়ামক কৰিলে গৌৰৱৰ ভাগীদাৰ ।
উল্লেখযোগ্য যে, এই ছিজনত অনুষ্ঠিত হোৱা বাকী স্থান সমূহ হ’ল–চেন্নাই, তিৰুৱনন্তপুৰম ,কটক, দিল্লী, হাৰিয়ানা, আহমেদাবাদ আৰু ৰাজকোট । অসমে অভিযান আৰম্ভ কৰিব হাৰিয়ানাত । আনহাতে বৃহৎ টুৰ্ণামেন্টখনৰ লীগ মেচসমূহ অন্ত পৰিব ১৫ মাৰ্চত ।
৭ বছৰৰ অন্তত নেহৰু ষ্টেডিয়ামলৈ ৰঞ্জি ঘূৰি অহা বিষয়টোৱে আনন্দিত কৰিছে অসমৰ ক্ৰিকেট অনুৰাগীক । সকলোৰে আশা — ৰঞ্জি ক্ৰিকেটৰ পূবৰ জনপ্ৰিয়তা অক্ষুণ্ণ থাকক চৰদিন । অসমেও হাৰিয়ানাত দাঙি ধৰক উন্নত প্ৰৰ্দশন । ৰঞ্জি ক্ৰিকেটৰ হাতত ধৰি বহুদূৰ আগুৱাই যাওক দেশৰ তৰুণ ক্ৰিকেটাৰ সকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments