Tuesday, October 4, 2022
HomeNewsৰঞ্জি ট্ৰফীত ইনিংছৰ ব্যৱধানত পৰাস্ত অসম

ৰঞ্জি ট্ৰফীত ইনিংছৰ ব্যৱধানত পৰাস্ত অসম

অলিম্পিয়া প্ৰতিবেদন

সম্পূৰ্ণ দুবছৰৰ অন্তত ৰঙা বলেৰে খেলিবলৈ নামি হতাশ কৰিলে অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটোৱে । হাৰিয়ানাত ৰঞ্জি ট্ৰফী এলীট গ্ৰুপ জি ৰ প্ৰথমখন লীগ মেচতে মহাৰাষ্ট্ৰই অসমক এক ইনিংছ আৰু ৭ ৰাণত পৰাস্ত কৰে । মেচখনত অসমৰ বাবে একমাত্ৰ ইতিবাচক দিশটো আছিল মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ দুয়োটা ইনিংছতে অৰ্ধ শতক । ইয়াৰ যোগেদি চলিত ছিজনৰ আই পি এলত ৩ কোটি ৮০ লাখ টকা মূল্যৰ খেলুৱৈগৰাকীয়ে ফৰ্ম উভতাই পোৱাৰ ইংগিত দিলে । ইয়াৰ লগতে অসমৰ স্পীডষ্টাৰ মুখতাৰ হুছেইনৰ ৫ টা উইকেট দখল আন এক লেখত ল’বলগীয়া সাফল্য । ১৭ ফেব্ৰুৱাৰীত ৰোহটকৰ চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা মেচখনত মহাৰাষ্ট্ৰই অপেনাৰ পৱন শ্বাহৰ দ্বি-শতকৰ সহায়ত ১৪৩.৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪১৫ ৰাণ । কিন্তু অসমে প্ৰথম ইনিংছত ৮৮.২ অভাৰত ২৪৮ ৰাণতে ইনিংছ সামৰি ফল’অন কৰে । মাত্ৰ ২২ ৰাণৰ বাবে অসম ফল’অনৰ সন্মুখীন হোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক । প্ৰথম ইনিংছত ৰিয়ানে ৮৮, অপেনাৰ শুভম মণ্ডলে ৪৮ আৰু কুনাল শইকীয়াই ৪৬ ৰাণ কৰাৰ বাহিৰে বাকীসকলৰ পৰা বিশেষ ৰাণ নাহিল। কিন্তু দ্বিতীয় ইনিংছত অসমে ৭৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১৬০ ৰাণ । এইটো ইনিংছত ৰিয়ানে ৫৬, স্বৰূপম পুৰকায়স্থই ৩৮ আৰু অপেনাৰ ঋষভ দাসে ৩৪ ৰাণ কৰাৰ বাহিৰে বাকীসকলৰ কোনো বৰঙণি নাছিল । কিয়নো অসমে ৩ উইকেটত সংগ্ৰহ কৰিছিল ১৪৫ ৰাণ । সেইখিনি সময়লৈকে সকলো ঠিকেই আছিল কিন্তু শেষৰ ফালে মাত্ৰ ১৭ ৰাণতে ৭ টাকৈ উইকেট হেৰুৱাব লগা হোৱাটো কোনোপধ্যে মানি ল’ব নোৱাৰি । গকুল শৰ্মা ( ০) , শুভম মণ্ডল (৮) , চাহিল জৈন ( ১) , কুনাল শইকীয়া (১০) , অম্লান জ্যোতি দাস( ০) , মুখতাৰ হুছেইন (৫) , ৰঞ্জিত মালী (০) , অৰূপ দাস (০) , পল্লৱ কুমাৰ দাস (০) ৰ ব্যৰ্থতাই অসমলৈ অশনি সংকেত কঢ়িয়াই আনিলে । মহাৰাষ্ট্ৰৰ সত্যজিৎ বাছভে ৭ টা উইকেট দখল কৰি অসমৰ ইনিংছ চমুৱাই আনে । প্ৰাক্তন ৰঞ্জি চেম্পিয়ন মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অসম দলৰ এই আত্মসমৰ্পণ অসমৰ ক্ৰিকেট অনুৰাগীয়ে মানি ল’ব পৰা নাই । ৰঙা বলৰ চাৰিদিনীয়া মেচৰ বাবে দলটোক সাজু কৰি তুলিবলৈ অসম ক্ৰিকেট সন্থাইও যাৱতীয় ব্যৱস্থা আগতীয়াকৈ ল’ব লাগিব । অসমে একেখন ফিল্ডতে অহা ২৪-২৮ ফেব্ৰুৱাৰীত উত্তৰপ্ৰদেশৰ বিৰুদ্ধে পৰৱৰ্তী লীগ মেচত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments