Tuesday, October 4, 2022
HomeNewsৰঞ্জি ট্ৰফীৰ দ্বিতীয় মেচতো পৰাস্ত অসম,শোচনীয় বেটিঙেই ডুবালে !

ৰঞ্জি ট্ৰফীৰ দ্বিতীয় মেচতো পৰাস্ত অসম,শোচনীয় বেটিঙেই ডুবালে !

অলিম্পিয়া প্ৰতিবেদন

চলিত ছিজনৰ প্ৰথম ৰঞ্জি মেচত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ইনিংছৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত দ্বিতীয় মেচত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হল। দ্বিতীয় ইনিংছত শোচনীয় বেটিঙৰ বাবেই এনেদৰে শনিবাৰে তিনিদিনতে মুখ ঠেকেচা খালে কুনাল শ‌ইকীয়া নেতৃত্বাধীন দলটোৱে । প্ৰথম ইনিংছত অসমে কৰা ২৬৫ ৰাণৰ প্ৰত্যুত্তৰত উত্তৰ প্ৰদেশে ২৭৪ ৰাণ কৰি ৯ ৰাণৰ অগ্ৰগতি লয় । কিন্তু দ্বিতীয় ইনিংছত অসমৰ বেটিং ইমান নিম্নমানৰ হ’ল যে ৪৪.৩ অভাৰত ১২০ ৰাণতে অভিযান সামৰিলে । ফলত জয়ৰ বাবে ১১২ ৰাণ লগা অৱস্থাত উত্তৰ প্ৰদেশে ৩৮.১ অভাৰত ৪ টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । বেটিঙত অসমৰ ঋষভ অকলেই ৭৩ ৰাণ কৰে । তেওঁৰ পাছতে পল্লৱ কুমাৰ দাসে ১২ আৰু মুখতাৰ হুছেইনে ১১ ৰাণ কৰাৰ বাকীসকলে দহকৰ ঘৰেই স্পৰ্শ কৰিব নোৱাৰিলে । প্ৰথম ইনিংছত মাত্ৰ ৯ ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হোৱা ৰিয়ান পৰাগৰ বেটৰ পৰা আহে মাত্ৰ ৫ ৰাণ । অধিনায়কজনে কৰে মাত্ৰ ৩ ৰাণ । দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰা বিজয়ী দলৰ সামৰ্থ সিং হয় মেন অৱ দ্য মেচ । অসমে এতিয়া আনুষ্ঠানিকতা ৰক্ষাৰ বাবে অন্তিমখন মেচ খেলিব বিদৰ্ভৰ বিপক্ষে আহা ৩ মাৰ্চৰ পৰা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments