Thursday, May 26, 2022
HomeNewsঅসমৰ ক্ৰীড়া ইতিহাসত সূচনা হ'ব নতুন দিশ ! দেওবাৰে উত্তৰ-পূৰ্ব মিডিয়া ক্ৰিকেটৰ...

অসমৰ ক্ৰীড়া ইতিহাসত সূচনা হ’ব নতুন দিশ ! দেওবাৰে উত্তৰ-পূৰ্ব মিডিয়া ক্ৰিকেটৰ প্ৰীতি মেচত প্ৰাক্তন ৰঞ্জি দলৰ সৈতে যুঁজিব মিডিয়া ছুপাৰ কিংছে

অলিম্পিয়া প্ৰতিবেদন

সমাগত এখন ৰোমাঞ্চকৰ ক্ৰিকেট মেচ । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ বনাম মিডিয়া চুপাৰ কিংছ । খেল উপভোগৰ বাবে সাজু হওক ক্ৰিকেট অনুৰাগী । প্ৰীতি ক্ৰিকেট মেচত জীপাল হ’ব ঐতিহ্যমণ্ডিত জজ ফিল্ড ।

বিগত ২৪ জানুৱাৰীৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত আৰম্ভ হৈছে তৃতীয় ৰাইচমোদী নুনিছা সোঁৱৰণী উত্তৰ পূব মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ ট্ৰফী । মেঘালয়, কাৰ্বি আংলং, বৰাকৰ সৈতে মুঠ ১২ টা দলৰ অংশগ্ৰহণৰে জীপাল হৈ পৰিছে এই ছিজনৰ উত্তৰ -পূব মিডিয়া ক্ৰিকেট । এই পৰ্যন্ত অনুষ্ঠিত কেইবাখনো হাইভল্টেজ মেচত সংবাদসেৱীসকলে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । ইয়াৰ মাজতে আছে এক ভাল খবৰ । অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে এক নতুন দিশৰ সূচনা হ’ব এই দিনটোতে । দেওবাৰে অনুষ্ঠিত হ’ব এখন প্ৰীতি ক্ৰিকেট মেচ । সমুখ সমৰত নামিব প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ আৰু সংবাদসেৱীৰ দ্বাৰা গঠিত দল মিডিয়া ছুপাৰ কিংছ। এই খেলখনক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে উৎকন্ঠাৰ । কাৰণ এটা সময়ত যিসকলে ৰঞ্জি ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল, তেওঁলোকক নতুন ৰূপত দেখা যাব মৈদানত । ৰঞ্জি ট্ৰফীৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাজেশ বৰাই এই প্ৰীতি মেচতো প্ৰাক্তন ৰঞ্জি দলটোক কৰিব অধিনায়কত্ব । প্ৰাক্তন ক্ৰিকেটাৰৰ দলটোত দেখা যাব এসময়ৰ দুৰ্ধৰ্ষ ক্ৰিকেটাৰ জাভেড জামান, পৰাগ দাস, জাকাৰিয়া জুফ্ৰি, ৰাজিন্দৰ সিং, নাচিৰ গুল খান, সমৰজিৎ নেওগ, মুকুট কলিতা, তিলক দাস, আৰ বি ইন্দ্ৰজিৎ, সীমান্ত নেওগী, ভাস্কৰ বৰ্মন, চিতু দাস, নন্দুলাল মাহাতু আদিক। লগতে এই প্ৰাক্তন ৰঞ্জি দলত অংশ ল’ব প্ৰাগ নিউজৰ স্বত্বাধিকাৰী তথা প্ৰাগ নিউজ ক্ৰিকেট দলৰ কেপ্তেইন, প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জীৱ নাৰায়ণে ( চিকু )। ইপিনে মিডিয়া ছুপাৰ কিংছৰ দলত থাকিব ভিন্ন মিডিয়া হাউচৰ বচা বচা খেলুৱৈ । দেওবাৰে ঠিক পুৱা ৯ বজাৰ লগে লগে দুয়োটা দল নামিব সমুখ সমৰত । উল্লেখযোগ্য যে, ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা এই মিডিয়া ক্ৰিকেটত মুঠ ৪ খন প্ৰীতি খেল অনুষ্ঠিত হ’ব । আনহাতে ১ ফেব্ৰুৱাৰীত প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন (পিটা), ৩ ফেব্ৰুৱাৰীৰ পুৱা জনসংযোগ বিভাগ আৰু সেইদিনাই বিয়লি পিটাৰ বিৰুদ্ধে যুঁজত নামিব মিডিয়া ছুপাৰ কিংছ । প্ৰথম দিনাৰ প্ৰীতি মেচ প্ৰত্যক্ষ কৰিবলৈ সকলো ক্ৰিকেটপ্ৰেমীক সাদৰৰে সম্ভাষণ জনাইছে উত্তৰ -পূৰ্ব মিডিয়া ক্ৰিকেটৰ আয়োজক কমিটিৰ উপদেষ্টা গৌতম শৰ্মা, সভাপতি উদয় বৰগোঁহাই, উপ সভাপতি ৰাজদ্বীপ দাস, সম্পাদক হিমাংশু অনুপম, কোষাধ্যক্ষ শ্ৰীমন্ত পায়েঙৰ লগতে সমূহ বিষয়ববীয়াই ।

ৰাজ্যৰ সংবাদসেৱীৰ মাজত সমন্বয়ৰ বাৰ্তাৰে অনুষ্ঠিত উত্তৰ পূৰ্ব মিডিয়া ক্ৰিকেটৰ মাজতে এই প্ৰীতি মেচক লৈ অধিক আকৰ্ষণীয় হৈ পৰিছে এই ছিজনৰ টুৰ্ণামেন্ট । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰৰ হাতত তিস্তিব পাৰিবনে মিডিয়া ছুপাৰ কিংছ দলটোৱে ? তাৰ বাবে অপেক্ষাৰত অগণন ক্ৰিকেট অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments