Monday, October 3, 2022
HomeNewsফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা ৰঞ্জি ট্ৰফি ক্ৰিকেট

ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা ৰঞ্জি ট্ৰফি ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

দেশৰ অত্যন্ত সন্মানজনক ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জি ট্ৰফি ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা দুটা পৰ্যায়ত আৰম্ভ হ’ব । ক’ৰণা মহামাৰীৰ বাবে
২০২০-২১ বৰ্ষত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল । চলিত ছিজনত ৰঞ্জি ট্ৰফি আয়োজন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বি চি চি আই য়ে । বি চি চি আইৰ সচিব জয় শ্বাহে এক বিজ্ঞপ্তিত কয় “বৰ্ডে চলিত ছিজনৰ ৰঞ্জি ট্ৰফিৰ মেচবোৰ দুটা পৰ্যায়ত অনুস্থিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰথম পৰ্যায়ত লীগৰ সকলোবোৰ মেচ অনুষ্ঠিত কৰাৰ পাছত জুনত নকআউট মেচসমূহ অনুষ্ঠিত হ’ব । ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা যিকোনো স্বাস্থ্যজনিত প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ বৰ্ডৰ এক বৃহৎ দলে সুক্ষ্মভাৱে কাম কৰি আছে আৰু একে সময়তে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ৰেড বলৰ ক্ৰিকেট প্ৰতিযোগিতাখন অনুস্থিত হোৱাত গুৰুত্ব আৰোপ কৰিছে । ৰঞ্জি ট্ৰফি আমাৰ অত্যন্ত সন্মানজনক ঘৰুৱা প্ৰতিযোগিতা । ইয়াতেই প্ৰতি বছৰে যথেষ্ট প্ৰতিভাসম্পন্ন খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটক সমৃদ্ধ কৰে । এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ স্বাৰ্থ সুৰক্ষাৰ সকলোবোৰ ব্যৱস্থা গ্ৰ্হণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ।” ভাৰতীয় ক্ৰিকেট বৰ্ডে ৰঞ্জি ট্ৰফিৰ প্ৰথম পৰ্যায় ফেব্ৰুৱাৰী – মাৰ্চৰ ভিতৰত অনুষ্ঠিত কৰাৰ আশা কৰিছে । অৰ্থবহুল ক্ৰিকেট টুৰ্ণামেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ পাছত ৰঞ্জি ট্ৰফিৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব । লক্ষণীয় যে মাৰ্চৰ শেষ সপ্তাহৰ পৰা আই পি এল আৰম্ভ হৈ জুনৰ শেষ সপ্তাহত অন্ত পৰিব । এইবাৰৰ আই পি এলত ১০ টা দলে মুঠ ৭৪ খন মেচ খেলিব । বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধূমালৰ মতে চি কে নাইডু ট্ৰফি , ছিনিয়ৰ মহিলাৰ টি-২০ লীগকে ধৰি স্থগিত ৰখা বাকীবোৰ ঘৰুৱা টুৰ্ণামেণ্ট আৰম্ভ কৰাৰ সম্পৰ্কত কভি’ড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments