Wednesday, July 6, 2022
HomeNewsকি নাম দি মাতিম, ৰঞ্জী ক্ৰিকেট আৰু এজন দুৰন্ত প্ৰেমিক

কি নাম দি মাতিম, ৰঞ্জী ক্ৰিকেট আৰু এজন দুৰন্ত প্ৰেমিক

কি নাম দি মাতিম। ষাঠি-সত্তৰ দশকৰ পৰা আজিলৈকে অসমীয়াৰ হৃদয়ক আলোড়িত কৰি ৰখা এটা গান। ডঃ বেজবৰুৱাৰ কথাছবিৰ এই গীতটোৰ সৈতে নো ক্ৰিকেটৰ কি সম্পৰ্ক। সততে মনলৈ আহিব লগা এটা প্ৰশ্ন। সম্পৰ্ক নিশ্চয়কৈ আছে।


সৰুতে লগৰীয়াৰ সৈতে ফুটবল আৰু ক্ৰিকেট খেলি থকা ল’ৰাটোৰ এজন ক্ৰিকেটাৰ হোৱাৰ সপোনটো লহ পহকৈ বাঢ়ি আহিছিল। ক্ৰিকেট খেলিয়েই পাৰ কৰিছিল বেছিভাগ সময়। আৰু এসময়ত ৰঞ্জী ক্ৰিকেটতো ভৰি দিছিল তেওঁ। অসম দলক প্ৰতিনিধিত্ব কৰিছিল তেওঁ। উৰিষ্যাৰ বিৰুদ্ধে অভিষেক ঘটিছিল এইজন ক্ৰিকেটাৰৰ। ৰঞ্জী ক্ৰিকেটৰ পথাৰত ভৰি দিলেও কিন্তু মূৰকত ক্ৰিকেটাৰ নহয় বৰঞ্চ এজন গায়ক হিচাবেহে জনপ্ৰিয় হৈ পৰে তেওঁ।
কি নাম দি মাতিম, এইখনি গাঁও বুকুৰ আপোন, হালে জালে অ’, জোনালী যদি তুমি, কাক বুলিলোঁ আদি জনপ্ৰিয় গানেৰে অসমীয়াৰ বুকুত নিগাজীকৈ ঠাই ল’বলৈ সক্ষম হৈ পৰিল এইজন এসময়ৰ ৰঞ্জী খেলুৱৈ তথা বৰ্তমানৰ দ্বীপেন বৰুৱা নামৰ শিল্পীজন। শুনি হয়টো আপুনি আচৰিত হৈছে।


অসমৰ জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে স্কুলৰ দিনৰ পৰাই ক্ৰিকেট খেলিবলৈ লয়। কোচবিহাৰ ট্ৰফীত অসমৰ স্কুল দলৰ অধিনায়কো আছিল তেওঁ। পশ্চিম মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডল স্কুল দলকো প্ৰতিনিধিত্ব কৰা দ্বীপেন বৰুৱাই সেইবাৰ সুনীল গাভাস্কাৰ, একনাথ চোলকাৰ আদিৰ দৰে খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। এজন দুৰন্ত লেগ স্পীনাৰ আছিল বৰুৱা। তেওঁৰ ৰঞ্জী ক্ৰিকেটত অভিষেক ঘটিছিল ১৯৬৫-৬৬ চনত। কিমানখন ৰঞ্জী মেচত তেওঁ ভাগ লৈছিল সেই বিষয়ে ভালকৈ জনা নাযায়।
তেওঁৰ এটা অভ্যাস আছিল। ক্ৰিকেট খেলি আহি তেওঁ ঘৰৰ ডাঙৰ ৰেডিঅ’টো শুনিছিলহি। বাথৰুমত হিন্দী গানবোৰ চিঞঁৰি চিঞঁৰি গাইছিল। গুৱাহাটীৰ বিখ্যাত বৰুৱা পৰিয়ালৰ আন দুগৰাকী ককায়েক ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা সেই সময়ত ডঃ বেজবৰুৱা ছবিৰ কামত ব্যস্ত। বাথৰুমত দ্বীপেন বৰুৱাই গোৱা গান শুনি দুয়ো ককায়েকে প্ৰস্তাৱ দিলে ডঃ বেজবৰুৱা কথাছবিত গান গোৱাৰ। কথাছবিখনত চাৰিটাকৈ গান প্ৰাণঢালি গালে দ্বীপেন বৰুৱাই। গোটেইকেইটা গানেই ছুপাৰহিট হ’ল। ক্ৰিকেটাৰ দ্বীপেন বৰুৱাৰ ক্ৰিকেটৰ কেৰিয়াৰৰো তেনেদৰেই অন্ত পৰিল। ক্ৰিকেটাৰ গুচি গায়ক হ’ল দ্বীপেন বৰুৱা।


মানুহজন দুৰন্ত প্ৰেমিক। ১৯৭৬ চনত ‘তৰামাই’ নামৰ কথাছবি খনৰ শুটিঙৰ সময়ত তেওঁ লগ পাইছিল ছায়েদা জ্যোস্না ৰহমানক। তৰ পিছতে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী। পৰিয়ালৰ পৰা অহা বাধাৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল। অপেক্ষা কৰিব লগা হৈছিল সুদীৰ্ঘ ৩৩ টাকৈ বছৰ। ২০০৯ চনত দুয়ো প্ৰেমিক যুগল বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়া প্ৰেমিকাৰ বয়স হৈছিল ৫৯ বছৰ আৰু তেওঁৰ নিজৰ আছিল ৬৪ বছৰ। সঁচাই কি এক অপূৰ্ব প্ৰেম কাহিনী আছিল তেওঁলোকৰ।
ক্ৰিকেট, সংগীত আৰু প্ৰেমৰ এনে সমাহাৰ ঘটা ব্যক্তিৰ নিদৰ্শন খুবেই কম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments