Monday, October 3, 2022
HomeNewsৰঞ্জি ট্ৰফীত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অসম দলৰ ২৬৫ ৰাণ,শতকৰ পৰা বঞ্চিত ৰিয়ান...

ৰঞ্জি ট্ৰফীত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অসম দলৰ ২৬৫ ৰাণ,শতকৰ পৰা বঞ্চিত ৰিয়ান পৰাগ

অলিম্পিয়া প্ৰতিবেদন

ৰঞ্জি ট্ৰফীৰ নিজস্ব দ্বিতীয়খন মেচত সুস্থিৰ আৰম্ভণি কৰিছে অসম দলে । চলিত ছিজনৰ এলীট গ্ৰুপ ‘জি’ৰ প্ৰথম মেচত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ইনিঙছৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৮১ অভাৰত সকলো উইকেট হেৰুৱাই ২৬৫ ৰাণত প্ৰথম ইনিংছ সামৰে । হাৰিয়ানাত ৰোহটকৰ চৌধুৰী বংশীলাল ষ্টেডিয়ামত শতকৰ পৰা মাত্ৰ ৯ ৰাণ দূৰত্বতে থমকি ৰ’ল ৰিয়ান পৰাগ । নাৰ্ভাছ নাইনটিৰ স্বীকাৰ হোৱা ৰিয়ানে ৭৯ টা বলত ৫ টা বিশাল ছিক্সাৰ আৰু ১০ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৯১ ৰাণ । ৰিয়ানৰ বেটৰ পৰা এইখিনি ৰাণ নহা হলে অসমৰ মুঠ স্কোৰ দুশ‌ হোৱাও মস্কিল আছিল । তেওঁৰ উপৰি অপেনাৰ শুভম মণ্ডলে ১৪৩ টা বলত ধৈৰ্যশীল ৫৬ আৰু অভিজ্ঞ গকুল শৰ্মাই ৯৮ টা বলত ৪৯ ৰাণ কোবায় । অধিনায়ক কুণাল শইকীয়াই মাত্ৰ ১ ৰাণতে পেভেলিয়নমুখী হয় । অসমৰ টেলএণ্ডাৰৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে মুঠ ৰাণ সংখ্যা বৃদ্ধিত কোনো ধৰণৰ অৰিহণা আগবঢ়াব নোৱাৰিলে । দিনান্তত উত্তৰ প্ৰদেশে ৭ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে ১০ ৰাণ । ইয়াৰ ভিতৰত ৰঞ্জি ট্ৰফীত অভিষেক ঘটা হৃদিপ ডেকাই ২ অভাৰত ব্যয় কৰিছে ৮ ৰাণ । মুখতাৰ হুছেইনে ৩ অভাৰেই মেইডেন পাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments