Tuesday, October 4, 2022
HomeNewsপ্ৰথম দুখন মেচৰ বাবে অসম ৰঞ্জি দল ঘোষণা

প্ৰথম দুখন মেচৰ বাবে অসম ৰঞ্জি দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

হাৰিয়ানাত ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চলিত ছিজনৰ ‘জি’ গ্ৰুপৰ ৰঞ্জি ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে অসম ছিনিয়ৰ ক্ৰিকেট দলটো ঘোষণা কৰা হৈছে । অসম ক্ৰিকেট সন্থাৰ মতে ঘোষিত দলটোক লীগ পৰ্যায়ৰ প্ৰথম দুখন মেচৰ বাবেহে বাচনি কৰা হৈছে । অসমে হাৰিয়ানাত এলীট ‘জি’ গ্ৰুপত বিদৰ্ভ, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব । ঘোষিত দলটো হ’ল — কুনাল শ‌ইকীয়া, গকুল শৰ্মা, ঋষভ দাস, স্বৰূপম পুৰকায়স্হ, ৰিয়ান পৰাগ, ছাহিল জৈন, ডেনিছ দাস, পল্লৱ কুমাৰ দাস, শুভম মণ্ডল, ৰঞ্জিত মালী, অৰূপ দাস, মুখতাৰ হুছেইন, প্ৰিতম দাস, হৃদিক ডেকা, অম্লানজ্যোতি দাস, ৰোচন আলম, সিদ্ধাৰ্থ শৰ্মা আৰু ঋষিকেশ তামুলী । ষ্টেন্ডবাই হিচাপে ৰখা হৈছে মৃন্ময় দত্ত, ৰাহুল হাজৰিকা, ৰাহুল সিং, নাচিৰ‌উল্লা, আকাশ সেনগুপ্তা আৰু শিৱশংকৰ ৰয় । দলৰ মুখ্য প্ৰশিক্ষক অজয় ৰাট্ৰা, প্ৰশিক্ষক ষ্টুৱাৰ্ট বিন্নী, সহ প্ৰশিক্ষক তথা মেনেজাৰ সলিল সিনহা, ফিজিঅ ডাঃ কৌস্তভ ভাৰদ্বাজ, ট্ৰেইনাৰ ভাস্কৰ বৰা আৰু ভিডিঅ এনালিষ্ট ৰাজেশ শৰ্মা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments