Thursday, May 19, 2022
HomeNewsসদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ আৰম্ভ

সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

দিছপুৰৰ নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনৰ ক’ৰ্টত মঙ্গলবাৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ টুৰ্ণামেন্ট । ৰাজ্যৰ বিভিন্ন জিলাৰ খেলুৱৈয়ে অঙশ গ্ৰহণ কৰা টুৰ্ণামেণ্টখন উদ্ধোধন কৰে ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে । সদৌ অসম টেনিছ সন্থাৰ সৌজন্যত এই টুৰ্ণামেন্ট আয়োজন কৰিছে দিছপুৰৰ নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনে । ল’ৰা আৰু ছোৱালীৰ ১০ বছৰৰ অনুৰ্দ্ধ মিক্সড, ল’ৰাৰ ১২ বছৰৰ অনূৰ্দ্ধ, ১৪ বছৰৰ অনূৰ্দ্ধ (ৰাজেশ দহোতীয়া সোঁৱৰণি ট্ৰফী), ১৮ বছৰ অনূৰ্দ্ধ (জগদীশ বিশ্বাস সোঁৱৰণি ট্ৰফী), ছোৱালীৰ ১৪ বছৰৰ অনূৰ্দ্ধ (অঞ্জলি মহন সোঁৱৰণি ট্ৰফী), ছোৱালীৰ ১৮ বছৰ অনূৰ্দ্ধ (ডনচাইনদি থাউচেন সোঁৱৰণি ট্ৰফী) আৰু পুৰুষৰ ছিংগলছ (হৰেন কলিতা সোঁৱৰণি ট্ৰফী) আদি ইভেন্ট অনুষ্ঠিত হৈছে । উল্লেখ যে ২০২১-২২ বৰ্ষৰ টুৰ্ণামেন্ট কেলেণ্ডাৰত এইখনেই হ’ল প্ৰথম সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ টুৰ্ণামেন্ট ।এই কথা জনাইছে-নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনৰ সম্পাদক অংকুশ দত্তই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments