Thursday, July 7, 2022
HomeNewsজীয়ৰীয়ে লাভ কৰিলে টাইকোৱাণ্ডোৰ ব্লেক বেল্ট; উৎফুল্লিত মাতৃ ৰবীনা

জীয়ৰীয়ে লাভ কৰিলে টাইকোৱাণ্ডোৰ ব্লেক বেল্ট; উৎফুল্লিত মাতৃ ৰবীনা

অলিম্পিয়া প্ৰতিবেদন

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জীয়ৰী ৰাছা ঠাণ্ডানীয়ে লাভ কৰিছে টাইকোৱাণ্ডোৰ ব্লেক বেল্ট।

শনিবাৰে ইনষ্ট্ৰাগামত অভিনেত্ৰীগৰাকীয়ে এই কথা জনাই কয় যে, ” মেৰি বেটী ব্লেকবেল্ট! প্রাউড অৱ য়ু!” জীয়ৰী ৰাছাৰ সৈতে এখন ফটোও আপলো কৰে তেওঁ। ফটোৰ লগতে টাইকোৱাণ্ডোৰ চাৰ্টিফিকেটখনো তেওঁ অনুৰাগীসকলক দেখুৱাই আনন্দ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে সৰুৰে পৰা মাৰ্চিয়েল আৰ্টৰ শিক্ষা গ্ৰহণ কৰা ৰাছা বক্সিঙৰো এগৰাকী ছাত্ৰী। বিভিন্ন সময়ত ৰবীনাই ইনষ্ট্ৰাগ্ৰামত ৰাছাৰ ক্রীড়া অনুশীলনৰ ভিডিঅ’ তথা ফাটো প্ৰকাশ কৰি আহিছে।

বলিউডৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে ২০০৪ চনত অনিল ঠাণ্ডানীৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল। দুটাকৈ সন্তানৰ মাতৃ অভিনেত্ৰীগৰাকীয়ে দুটাকৈ শিশুক তোলনীয়া সন্তান হিচাপেও লালন পালন কৰিছে।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকী কানাড়া চিনেমা কেজিএফ ২ৰ শ্বুটিঙত ব্যস্ত আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments