Wednesday, October 5, 2022
HomeNewsআই পি এল স্থগিত নোহোৱাহেঁতেন, মই নিজেই টুৰ্ণামেণ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলোহেঁতেন!

আই পি এল স্থগিত নোহোৱাহেঁতেন, মই নিজেই টুৰ্ণামেণ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলোহেঁতেন!

অলিম্পিয়া প্রতিবেদন

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ নিৰ্ভৰযোগ্য বলাৰ যুজবেন্দ্ৰ চহলে শেহতীয়াকৈ এটা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে তেওঁ আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিছিল। আই পি এল স্থগিত নকৰাৰ আগতেই তেওঁ এই সিদ্ধান্ত লৈ পেলাইছিল।

দেশত কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মাজতেই ২০২১ বৰ্ষৰ আই পি এল চলি আছিল। এই কথাক লৈ বি চি চি আই তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছিল। বহুতেই আই পি এল স্থগিত ৰখাৰ পক্ষত মত প্ৰকাশ কৰিছিল। অৱশ্যে, বি চি চি আইয়ে যিকোনো পৰিস্থিতিৰ বিনিময়ত আই পি এল জাৰি ৰাখিবলৈ বদ্ধপৰিকৰ আছিল। কিন্তু হঠাৎ আই পি এলৰ কেইবাজনো ক্ৰিকেটাৰ কোভিডত আক্ৰান্ত হোৱাৰ বাবে অৱশেষত প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বি চি চি আইয়ে।

ইয়াৰ মাজতে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেলুৱৈ চহলৰ পিতৃ-মাতৃ কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহে। চহলৰ পিতৃক আনকি চিকিৎসালয়তো ভৰ্ত্তি কৰোৱা হয়। এনে এক পৰিস্থিতিত চহলৰ পক্ষে ক্ৰিকেট অব্যাহত ৰখাতো সম্ভৱ হৈ থকা নাছিল। তাৰফলতেই আই পি এল আধাতে ত্যাগ কৰাৰ সিদ্ধান্ত লৈ পেলাইছিল আৰ চি বিৰ স্পীনাৰগৰাকীয়ে। ইণ্ডিয়াটুডে নামৰ সংবাদ প্ৰতিষ্ঠানটোৰে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে চহলে। অৱশ্যে চহলৰ পিতৃ মাতৃ কৰোনাত আক্ৰান্ত হোৱাৰ এদিন পিছতেই আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বি চি আইয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments