Thursday, July 7, 2022
HomeNewsপ্লে অফৰ লক্ষ্যৰে হায়দৰাবাদৰ সমুখত আজি আৰ চি বি

প্লে অফৰ লক্ষ্যৰে হায়দৰাবাদৰ সমুখত আজি আৰ চি বি

অলিম্পিয়া প্ৰতিবেদন

প্ৰতিটো চিজনৰ ধাৰাবাহিক ব্যৰ্থতা আঁতৰাই এইবাৰ প্লে অফৰ দুৱাৰদলিত উপস্থিত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আজি লীগৰ এখন গুৰুত্বপূৰ্ণ মেচত দলটো মুখামুখি হ’ব ছান ৰাইজাৰ্ছ হায়দৰাবাদৰে।

হাতত দুখন মেচ বাকী থকা অৱস্থাত আৰ চি বিৰ বাবে আজি মেচখন গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আজিৰ মেচত জয়ী হ’লে দলটোৱে অনায়াসে প্লে অফত স্থান লাভ কৰিব পাৰিব। তাৰ বিপৰীতে দুখনৰ এখনতো বিজয়ী হ’ব নোৱাৰিলে প্লে অফলৈ যোৱাৰ বাটত সমস্যাৰ সন্মুখীন হ’ব কোহলি বাহিনী।

বিগত দুখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে আজি নিশ্চয়কৈ হেৰুৱা ছন্দ উভতাই পাব বিচাৰিব।

ইপিনে, পইণ্ট তালিকাৰ ষষ্ঠ স্থানত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা মেচত দিল্লী কেপিটেলছক পৰাস্ত কৰি উজ্জীৱিত হৈ আছে। দলটোৱে প্লে অফত স্থান লাভ কৰাৰ সম্ভাৱনা নাই যদিও আৰ চি বিৰ সমুখত প্ৰত্যাহ্বান জনাই দলটোৰ অংকত আউল লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments