ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দখলত ২০২১ৰ আই পি এলৰ খিতাপ!!

অলিম্পিয়া প্রতিবেদন

কৰোনাৰ বাবে হঠাৎ মাজভাগতে স্থগিত হৈছিল ২০২১ৰ আই পি এল। ইতিমধ্যে ক্ৰিকেটাৰসকলো উভতি গৈছে নিজ দেশ অভিমুখে। কিন্তু আপুনি জানেনে, এই বৰ্ষৰ আই পি এল অনুষ্ঠিত হোৱাহেঁতেন কোনটো দলে খিতাপ দখল কৰিলেহেঁতেন? শুনিলে হয়তো অবাক হ’ব আপুনি। ২০২১ ৰ আই পি এল সম্পূৰ্ণ হোৱাহেঁতেন বিজয়ীৰ খিতাপ দখল কৰিলেহেঁতেন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে।

এই কথা প্ৰকাশ পাইছে এগৰাকী ৰেডিট ব্যৱহাৰকাৰীৰ আই পি এল চিমুলেচন প্ৰক্ৰিয়াত। সম্প্ৰতি, এগৰাকী ৰেডিট ব্যৱহাৰকাৰীয়ে পাইথন প্ৰ’গ্ৰামৰ জৰিয়তে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ আই পি এল চিমুলেচন। চিমুলেচন প্ৰক্ৰিয়া হৈছে তথ্য আৰু পৰিসংখ্যাৰ মাধ্যমৰে ভৱিষ্যতে কি হ’ব তাক নিৰ্ণয় কৰা। এই চিমুলেচনতে প্ৰকাশ পাইছে যে দিল্লী কেপিটেলছক পৰাস্ত কৰি ২০২১ ৰ আই পি এলৰ খিতাপ দখল কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি আদিশ জৈন নামৰ এগৰাকী ৰেডিট ব্যৱহাৰকাৰীয়ে ৰেডিটত কৰা এটা প’ষ্টত এই কথা প্ৰকাশ পাইছে। এই পোষ্টৰ প্ৰসংগত তেওঁ মন্তব্য কৰিছে যে তেওঁ এক পাইথন প্ৰ’গ্ৰামৰ জৰিয়তে এই হিচাব কৰি উলিয়াইছে। য’ত তেওঁ সহায় লৈছে পুৰণা তথ্য, বিশ্লেষণৰ বিভিন্ন টেকনিক। লগতে তেওঁ স্ক’ৰকাৰ্ডৰ পৰ্যবেক্ষণৰ উপৰিও বলাৰৰ পৰিসংখ্যাৰো সহায় লৈছে। তাৰোপৰি, বিগত পাঁচটা বছৰৰৰ বেটছমেনসকলৰ সামগ্ৰিক প্ৰদৰ্শনৰ বিষয়েও বিস্তৃত অধ্যয়ন কৰিছে তেওঁ।

এই সকলো পৰীক্ষা কৰি তেওঁ পইণ্ট টেবুলৰ শীৰ্ষত ৰাখিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক। আৰ চি বিৰ লগতে শীৰ্ষ চাৰিটা স্থান অধিকাৰ কৰা আন তিনিটা দল হৈছে ক্ৰমে দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছ আৰু কিংছ ইলেভেন পঞ্জাৱ। ফাইনেলত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। পৰিসংখ্যাটোৰ মতে দিল্লীক পৰাস্ত কৰি চতুৰ্দশ আই পি এলৰ খিতাপ দখল কৰিব আৰ চি বিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *