Monday, October 3, 2022
HomeNewsথিম ছং উদ্বোধন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ‌‍

থিম ছং উদ্বোধন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ‌‍

অলিম্পিয়া প্ৰতিবেদন

মঙলবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ‌‍ থিম ছঙত মুখৰিত ৱাংখাৰে ষ্টেডিয়াম । জয়ৰ এউল্লাসৰ লগতে ড্ৰেচিং ৰূমত সকলোৱে একেলগে উদ্বোধন কৰিলে দলৰ থিম ছং । মঙলবাৰে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ কৰাৰ পাছত ড্ৰেছিং ৰূমত দলৰ সকলোকে জয়ৰ উল্লাসত দেখিবলৈ পোৱা গৈছিল । লগতে প্ৰতিজন খেলুৱৈ হৈ পৰিছিল গায়ক । কোৰাচ কৰি দলটোৰ নতুন থিম ছং উদ্বোধন কৰিলে অধিনায়ক ফাফ ডু প্লেছিছ, পূৰ্বৰ অধিনায়ক বিৰাট কোহলিৰ লগতে দলৰ প্ৰতিজন খেলুৱৈয়ে । উল্লেখযোগ্য যে ১৪ বছৰ গৰকা আই পি এলত এতিয়ালৈ চেম্পিয়নৰ মুখ দেখা নাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে । কিন্তু নতুন অধিনায়কৰ সৈতে প্ৰতিজন খেলুৱৈ এই ছিজনত ফৰ্মত থকা পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৩ খন মেচ খেলা দলটোৱে দুখনত জয়লাভ কৰি ৪ পইন্টেৰে আই পি এল পইন্ট তালিকাৰ ৬ নম্বৰত স্থান দখল কৰি আছে । খেলুৱৈৰ মনোবল বৃদ্ধিৰ বাবে থিম ছংটোত ফাইনেলেই তেওঁলোকৰ লক্ষ্য বুলি উল্লেখ কৰাও পৰিলক্ষিত হৈছে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ‌‍ প্ৰতি গৰাকী অনুৰাগীৰো মাথোঁ এটাই অপেক্ষা– দলটোক চেম্পিয়নৰ ৰূপত এই ছিজনতে প্ৰথমবাৰৰ বাবে দেখা পোৱা । সেয়া কিমান দূৰ সম্ভৱ হয় সময়ে ক’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments