Wednesday, October 5, 2022
HomeNewsভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ প্ৰস্তাৱ কিয় গ্ৰহণ কৰা নাছিল ৰাহুল ড্ৰাবিড়ে!! প্ৰকাশ...

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ প্ৰস্তাৱ কিয় গ্ৰহণ কৰা নাছিল ৰাহুল ড্ৰাবিড়ে!! প্ৰকাশ কৰিলে COAৰ অধ্যক্ষ বিনোদ ৰয়ে

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ক্ৰিকেটৰ প্ৰশাসনীয় কমিটি চমুকৈ COA ৰ প্ৰাক্তন অধ্যক্ষ বিনোদ ৰয়ে মঙ্গলবাৰে সংবাদ প্ৰতিষ্ঠান ‘Sportskeeda’ ৰে হোৱা এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে ২০০৭ চনত অনিল কুম্বলেৰ প্ৰশিক্ষক ৰূপে কাৰ্যকাল শেষ হোৱাৰ পাছত তেওঁ ৰাহুল দ্ৰাবিড়ৰ ওচৰ চাপিছিল প্ৰশিক্ষকৰ প্ৰস্তাৱ লৈ। কিন্তু ৰাহুল দ্ৰাবিড়ে ভাৰতীয় পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ প্ৰস্তাৱ নাকচ কৰে। সেই সময়ত দ্ৰাবিড় অনুর্ধ- ১৯ ক্ৰিকেট দলটোৰ লগত ব্যস্ত হৈ আছিল। মূলতঃ ব্যক্তিগত আৰু বৃত্তিগত সমস্যাৰ দোহাই দি ৰাহুল ড্ৰাবিড়ে সেই প্ৰস্তাৱ নাকচ কৰিছিল।

“তেওঁ মোক কৈছিল, চোৱা মোৰ দুটাকৈ ল’ৰা ডাঙৰ হৈ আহিছে। মই গোটেই সময়ছোৱা ভাৰতীয় দলৰ সৈতেই ভ্ৰমণ কৰি থাকিব লাগে। মই তেওঁলোকক পৰ্যাপ্ত সময় দিব পৰা নাই। মই ভাবো মই ঘৰতো থকা উচিত আৰু পৰিয়ালক সময় দিয়া উচিত।” ৰয়ে ৰাহুল ড্ৰাবিড়ৰ উদ্ধৃতি দি এনেদৰে কয়।

“তাৰোপৰি তেওঁ অনুর্ধ ১৯ দলটোৰ পৰা সুন্দৰ ফলাফল উলিয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁ সেই দলটোৰ দায়িত্ব আৰু কিছুদিনলৈ পালন কৰি যাবলৈ বিচাৰিছিল কিয়নো কিছু অসম্পূৰ্ণ কাম তেতিয়াও বাকী আছিল বুলি তেওঁ ভাবিছিল।” ৰয়ে লগতে কয়।

ৰাহুল ড্ৰাবিড় অমান্তি হোৱাৰ পাছত অৱশেষত ২০১৭ চনত ৰবি শাস্ত্ৰীক ভাৰতীয় দলৰ প্ৰধান প্ৰশিক্ষক ৰূপে নিৰ্বাচন কৰা হয়। যোৱা বছৰৰ জুলাই মাহত ড্ৰাবিড়ক বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments