Wednesday, October 5, 2022
HomeNewsৰেডহৰ্ণৰ প্ৰিমিয়াৰ ফুটবলত উদাংশ্ৰী চেম্পিয়ন

ৰেডহৰ্ণৰ প্ৰিমিয়াৰ ফুটবলত উদাংশ্ৰী চেম্পিয়ন

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

তামুলপুৰত অৱস্থিত ইণ্ডিয়ান আৰ্মী ৰেডহৰ্ণৰ উদ্যোগত ১৯ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৰেডহৰ্ণ প্ৰিমিয়াৰ ফুটবল লীগৰ শনিবাৰে তামুলপুৰ দিঘলীপাৰা আৰ্মী খেলপথাৰত অনুষ্ঠিত পুৰুষৰ চুড়ান্ত খেলত উদাংশ্ৰী বৰমাই চানৰাইজ নাওবান্ধাক ১-০ গ’লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । নিৰ্ধাৰিত সময়ৰ ভিতৰত গ’ল শূন্যভাৱে সমাপ্ত হোৱাত ৩০ মিনিট সময় বঢ়াই দিয়া হয় । এই সুযোগ গ্ৰহণ কৰি বৰমা উদাংশ্ৰী ক্লাবৰ বিগৰায় বড়োৱে একমাত্ৰ গ’লটো প্ৰদান কৰি দলৰ বিজয় নিশ্চিত কৰে । বিজয়ী দলে একলাখ টকা আৰু ট্ৰফী লাভ কৰাৰ বিপৰীতে ফাইনেলিষ্ট দলে লাভ কৰে পঞ্চাশ হেজাৰ টকা আৰু ট্ৰফী । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় উদাংশ্ৰী ক্লাৱৰ উৎসৱ মদাহী, শ্ৰেষ্ঠ গ’ল ৰক্ষক ৰিদীপ বড়ো । খেলখন পৰিচালনা কৰে খৰ্গেশ্বৰ দাস, বুদ্ধ বসুমতাৰী, ধ্ৰৱজ্যোতি কলিতা, কনক বড়োৱে । চুড়ান্ত খেলত অতিথি হিচাপে উপস্থিত থাকে ৰেডহৰ্ণ ডিভিজনৰ মেজৰ জেনেৰেল এছ মুৰ্গেচন, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটি আৰৰ চি ই এম প্ৰমোদ বড়ো, তামুলপুৰৰ আৰক্ষী অধীক্ষক পংকজ যাদৱ, ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী আদি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments