অলিম্পিয়া প্রতিবেদন
ব্ৰাজিল আৰু আৰ্জেন্টিনাৰ মাজৰ মেচ বুলিলেই বিতৰ্ক। বিশ্বকাপৰ মেচ নহ’লেও পুনৰ এখন উত্তেজনাপূৰ্ণ মেচত মুখামুখি হ’ল দুয়োটা দল। মঙ্গলবাৰে আৰ্জেন্টিনাত অনুষ্ঠিত মেচখনত দুয়োটা দলৰে খেলুৱৈসকলে শাৰীৰিক শক্তি প্ৰদৰ্শনৰে এখন শ্বাসৰুদ্ধকৰ মেচ উপহাৰ দিয়ে দর্শকসকলক। মেচখনত অৱশ্যে খলনায়কৰ অবাঞ্চিত মুকুট পৰিধান কৰিবলগীয়া হয় উৰুগুৱেৰ ৰেফাৰী আন্দ্ৰেছ কুনহাই।
মেচখনত কৰা অক্ষমণীয় অপৰাধৰ বাবে নিলম্বিত কৰা হ’ল কুনহাক। আৰ্জেন্টিনাৰ নিকোলাছ ওটামেণ্ডি আৰু ব্ৰাজিলৰ ৰাফিনহাৰ মাজত সংঘটিত এক সংঘৰ্ষৰ বাবেই সূচনা হৈছে এই বিতৰ্কৰ। বল দখলৰ যুঁজত ৰাফিনহাৰ মুখত সজোৰে কিলাগুটিৰে আঘাত কৰিছিল ওটামেণ্ডিয়ে। লগে লগে মুখ হাতৰে ঢাকি বহি পৰিবলগীয়া হয় ব্ৰাজিলিয়ান খেলুৱৈগৰাকী। মুখৰ পৰা ওলোৱা ধাৰাসাৰ তেজে নিমিষতে ৰাঙলী কৰি তোলে ৰাফিনহাৰ মুখ। আঘাত ইমানেই গুৰুতৰ আছিল যে বিৰতিত তেওঁৰ মুখত পৰিছিল পাঁচোটাকৈ চিলাই।
ঘটনাৰ গভীৰতা বুজি ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰী ৱেষ্টেৱান উস্তোজিচে ফিল্ড ৰেফাৰী আন্দ্ৰেছ কুনহাক ওটামেণ্ডিক হালধীয়া কাৰ্ড দেখুওৱাৰ বাবে বাৰম্বাৰ আহ্বান জনায়। কিন্তু ফিল্ড ৰেফাৰী কুনহাই হালধীয়া কাৰ্ড দেখুওৱা দূৰৰে কথা ব্ৰাজিলক ফ্ৰী কিকো প্ৰদান নকৰিলে। খেলপথাৰত কৰা এই গাফিলতিৰ বাবেই দুয়োগৰাকী ৰেফাৰীক নিলম্বন কৰে লেটিন আমেৰেৰিকাৰ ফুটবল সংস্থা কনমেবলে। ব্ৰাজিলেও ইতিমধ্যে ওটামেণ্ডিক বহিস্কাৰ কৰাৰ বাবে আৱেদন জনোৱাৰ কথা ঘোষণা কৰিছে।