Wednesday, July 6, 2022
HomeNewsভাৰতগৌৰৱ মেৰীকমলৈ ৰেন'ল্ট ইণ্ডিয়াৰ বিশেষ উপহাৰ

ভাৰতগৌৰৱ মেৰীকমলৈ ৰেন’ল্ট ইণ্ডিয়াৰ বিশেষ উপহাৰ

অলিম্পিয়া প্ৰতিবেদন

মেৰীকম ।মেৰীকম বুলি কলেই প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী ভাৰতীয়ৰ মন গৌৰৱত উঠলি উঠে।অলিম্পিক জয়ী উত্তৰ-পূৰ্বৰ গৌৰৱ তেওঁ।ছয়বাৰকৈ বিশ্ব বক্সিং চেম্পিয়ন মেৰীকম। পাইছে পদ্ম বিভূষণ সন্মানো।মুঠতে ভাৰতীয় ক্ৰীড়া ক্ষেত্রলৈ তেওঁৰ অৱদান প্ৰণিধানযোগ্য। ২০১২ ৰ লণ্ডন অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জ মেডেল অৰ্জনেৰে দেশলৈ দেশলৈ কঢ়িয়াই আনিছিল সন্মান। ইয়াৰ লগে লগেই সৃষ্টি হৈছিল ইতিহাসৰ।উত্তৰ-পূৰ্বাঞ্চলৰ অলিম্পিক জয়ী প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত হৈছিল মেৰীকম। ইতিমধ্যে তেওঁৰ জীৱন ভিত্তিক এখন বলিউডত ছবিও নিৰ্মাণ হৈ গৈছে। এই ছবিত ফুটি উঠিছে তাৰকা এথলিটগৰাকীৰ অলিম্পিক যাত্রাৰ বহু নজনা কথা ।মণিপুৰৰ পৰা সুদূৰ লণ্ডনৰ অলিম্পিকত গৈ বিশ্বজয় কৰা মহিলাগৰাকী এতিয়া ভাৰতবাসীৰ বাবে আৰ্দশ ।
সদ্যসমাপ্ত টকিঅ’ অলিম্পিকতো এইগৰাকী কিংবদন্তি বক্সাৰ মেৰীকমক দেখা পোৱা গৈছিল। টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় মহিলা পতাকাবাহক হিচাপে আছিল মেৰীকম। ২০২০ ৰ টকিঅ’ অলিম্পিকত এইবাৰ তেওঁ পদক লাভ কৰা নাই যদিও এইগৰাকী বক্সাৰ ভাৰতীয়ৰ বুকুত সদায় বিৰাজমান ।
শেহতীয়াকৈ, এইগৰাকী তাৰকা বক্সাৰক সন্মানিত কৰিছে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ল্ট ইণ্ডিয়াই। কোম্পানীটোৱে অলিম্পিয়ান গৰাকীক সন্মান সৰকাৰে এখন ৰেন’ল্ট কিগাৰ বিলাহী বাহন উপহাৰ হিচাপে আগবঢ়ায়। কিছুদিনৰ পূৰ্বে ৰেন’ল্ট ইণ্ডিয়া অপাৰেচনৰ দেশৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক ভেংকটৰাম মামিল্লাপালে মেৰীকমক কিগাৰৰ নতুন সংস্কৰণৰ বিলাসী বাহনৰ চাবি প্ৰদান কৰে।কোম্পানীৰ এক বিবৃতিত কোৱা হৈছে যে”চনি উইলচন আৰু অঞ্জু ববি জৰ্জৰ পাছত মেৰী কম হৈছে তৃতীয় গৰাকী মহিলা এথলীট, যি অলিম্পিকত ভাৰতৰ পতাকাবাহক।প্ৰবীণ বক্সাৰ মেৰীকমে সদায় দেশক গৌৰম্বিত কৰি আহিছে।সেইয়া বক্সিঙৰ ৰিঙৰ ভিতৰত হওক বা বাহিৰত।” উল্লেখযোগ্য যে, বিগত সময়ত ৰেন’ল্ট ইণ্ডিয়াৰ তৰফৰ পৰা অলিম্পিকজয়ী মিৰাবাই চানু, লাভলীনা বৰগোহাঁই, ৰবি কুমাৰ দহিয়া, বজংৰং পুনীয়াক একোখনকৈ ৰেন’ল্ট কিগাৰৰ বিলাসী বাহন প্ৰদান কৰিছিল। ৰেন’ল্ট ইণ্ডিয়াই দেশৰ অলিম্পিয়ানসকলকৰ প্ৰতি দেখুওৱা মৰম অথবা সন্মানৰ শলাগিছে দেশবাসীয়ে। এতিয়া সকলোৱে আশা কৰিব, মেৰীকমৰ দৰেই সকলো অলিম্পিক ক্ৰীড়া জগতত উজলি থাকিব এটা ভোটা তৰাৰ দৰে চিৰদিন-চিৰকাল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments