Monday, October 3, 2022
HomeNews'ৰেঙনি'য়ে আনিছে আশাৰ ৰেঙনি : তেজপুৰৰ পৰাই আৰম্ভ হৈছে ভলীবল আন্দোলন

‘ৰেঙনি’য়ে আনিছে আশাৰ ৰেঙনি : তেজপুৰৰ পৰাই আৰম্ভ হৈছে ভলীবল আন্দোলন

olympiasports.in

ৰেঙনি’– অলপ অলপকৈ ওলোৱা ৰ’দৰ ৰঙা বৰণ। এই ‘ৰেঙনি’ নামেৰেই তেজপুৰৰ দাঁতিকাষৰীয়া বেছেৰীয়া অঞ্চলত ভলীবল ভালপোৱা কেইজনমান ব্যক্তিয়ে স্থাপন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ভলীবল একাডেমী। এই একাডেমীখনৰ পৰাই অতি কম সময়ৰ ভিতৰতে ২৬ জন খেলুৱৈ নেচনেল খেলিবলৈ সক্ষম হৈছিল। খেল’ইণ্ডিয়া য়ুথ গেমছৰ তৃতীয় সংস্কৰণ অসম ভলীবল দলটোৰ ১২ জন খেলুৱৈৰ ৮ জনেই আছিল ‘ৰেঙনি’। অসমৰ ভলীবল ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰেঙনি একাডেমীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আহকচোন।

বিশেষ প্ৰতিবেদন

✍️ তুষাৰ প্ৰতিম

ভলীবল ভাল পোৱা কেইজনমান ব্যক্তি। প্ৰথমে নিজে ভলীবল খেলি পৰবৰ্তী সময়ত নতুন প্ৰজন্মক একোজন সুদক্ষ ভলীবল খেলুৱৈ ৰূপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টাত ব্ৰতী থকা দেখিবলৈ পোৱা গৈছে। ব্যক্তিকেইগৰাকীৰ ভলীবলৰ প্ৰতি থকা ভালপোৱাৰ বাবেই নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ভলীবল একাডেমী। য’ত খেলুৱৈ থকা-খোৱা, পঢ়া সকলো সম্পূৰ্ণ বিনামূলীয়া। একাডেমীখনৰ পৰাই ভলীবলৰ এক আন্দোলন গঢ়ি তুলিছে ব্যক্তিকেইগৰাকীয়ে।

‘ৰেঙনি’– অলপ অলপকৈ ওলোৱা ৰ’দৰ ৰঙা বৰণ। এই ‘ৰেঙনি’ নামেৰেই তেজপুৰৰ দাঁতিকাষৰীয়া বেছেৰীয়া অঞ্চলত ভলীবল ভালপোৱা কেইজনমান ব্যক্তিয়ে স্থাপন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ভলীবল একাডেমী। পূৰ্বৰ ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্য, লনিতা বৰা, উপেন নাথ, দিব্যজ্যোতি বৰা, হেমাংগ শ‌ইকীয়া, সত্য শ‌ইকীয়া— এই কেউগৰাকী প্ৰাক্তন ভলীবল খেলুৱৈ। অভিজিৎ ভট্টাচাৰ্য ‘ৰেঙনি’ ভলীভল একাডেমীৰ মূল হোতা।

২০০৮চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত বিশাখাপট্টনামৰ হোটেলৰ কোনোবা এটা কোঠাত পৰিকল্পনা চলিছিল অসম ভলীবলক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ; ভাৰতীয় জাতীয় দলত অসমৰ ভলীবল খেলুৱৈৰ প্ৰাধান্য সৃষ্টি কৰাৰ। আলোচনাত মিলিত হৈছিল তেতিয়াৰ ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্য, লনিতা বৰা উৎপল নাথ, সত্য শ‌ইকীয়া, হেমাংগ শ‌ইকীয়া দিব্যজ্যোতি বৰা আদি। বিশাখাপট্টনমত ছিনিয়ৰ নেচনেল খেলিবলৈ যোৱা অসম দলটোৰ সেই সদস্য সকলে অনুভৱ কৰিছিল অসমৰ ভলীবলৰ দুৰ্বলতাৰ কথা। সেয়ে বিশাখাপট্টনমতেই অসমৰ খেলুৱৈকেইজনে ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্যৰ সৈতে এক আলোচনাত মিলিত হৈছিল। তাতেই পৰিকল্পনা কৰিছিল অসমত ভলীবল একাডেমী স্থাপন কৰাৰ। ২০০৮ চনৰ ডিচেম্বৰ মাহৰ সেই পৰিকল্পনাই পূৰ্ণৰূপ পাইছিল ২০০৯ চনত ডিগবৈত। ২০০৯ চনত ডিগবৈত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ক্লাব লীগত পুনৰ অভিজিত ভট্টাচাৰ্যৰ লগত সেই সদস্যসকল মিলিত হৈ আলোচনা কৰিলে। আলোচনাৰ বিষয় আছিল ইতিমধ্যে পৰিকল্পনা কৰা আৱাসিক ভলীবল একাডেমীৰ নামাকৰণ। কথাৰ প্ৰসংগত উৎপল নাথৰ মুখেৰে সেইদিনা ওলোৱা ‘ৰেঙনি’ শব্দটোক সকলোৱে গ্ৰহণ কৰি ‘ৰেঙনি ভলীবল একাডেমী’ নাম দিলে। অৱশ্য প্ৰথম অৱস্থাত ৰেঙনিক এটা ক্লাব ৰূপেহে গঢ় দিয়া হৈছিল। ডিগবৈত নামাকৰণ কৰি সেই বছৰেই তেজপুৰৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত প্ৰথমবাৰৰ বাবে ৰেঙনিয়ে অনুষ্ঠিত কৰিলে সদৌ অসম আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ সমাপ্তিৰ পিছতেই ‘ৰেঙনি’ ক্লাবে প্ৰশিক্ষণ প্ৰদান কৰা আৰম্ভ কৰিলে। বেছেৰীয়াত প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰি ‘ৰেঙনি’ ক্লাবে পুনৰ ২০১৩ চনত তেজপুৰৰ হজৰাপাৰত জুনিয়ৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে। প্ৰতিযোগিতাৰ অন্ত পৰাৰ পিছত হজৰাপাৰতো আৰম্ভ কৰিলে ভলীবলৰ প্ৰশিক্ষণ শিবিৰ। এইদৰে বহুকেইখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত ‘ৰেঙনি’ক্লাবক ২০১৪ চনত ‘ৰেঙনি ভলীবল একাডেমী’ লৈ ৰূপান্তৰ কৰা হয়। তেজপুৰৰ দাঁতিকাষৰীয়া বেছেৰীয়াত ‘ৰেঙনি ক্লাবে’ ভূমি ক্ৰয় কৰি আৰম্ভ কৰিলে ‘ৰেঙনি ভলীবল একাডেমী’। ২০১৪ চনত আৰম্ভ কৰা ৰেঙনি ভলীবল একাডেমী
২০১৭ চনত সম্পূৰ্ণ হৈ উঠে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ১৫ জন খেলুৱৈক প্ৰতিটো পাঠ্যক্ৰমত বিনামূলীয়াকৈ থকা , খোৱা আৰু পঢ়াৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।

অসম ভলীবলৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ বাবে তেওঁলোকৰ এই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন স্প’ৰ্টছ একাডেমী ৰূপে বিবেচিত হোৱা ‘ৰেঙনি ভলীবল একাডেমী’ স্থাপন কৰাৰ ক্ষেত্ৰত O.N.G.C, অভিজিৎ ভট্টাচাৰ্য আৰু তেওঁৰ কেইগৰাকীমান বন্ধু, ৰেঙনিৰ কেইজনমান সদস্যৰ অৰিহণা আছিল উল্লেখযোগ্য। তেওঁলোকৰ আৰ্থিক সহায়ৰ বাবেই ‘ৰেঙনি’য়ে আৱাসিক গৃহ নিৰ্মাণ কৰি থকা, খোৱা, পঢ়া সকলো বিনামূলীয়া কৰি একাডেমীখন গঢ় দিব পাৰিছে।

অসমত ভলীবলৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ বাবে কাম কৰি থকা ‘ৰেঙনি’য়ে বেছেৰীয়াস্থিত ৰেঙনি ভলীবল একাডেমীৰ উপৰি অসমৰ আন আন প্ৰান্তত ‘ৰেঙনি’ৰ শাখা তৈয়াৰ কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। প্ৰশিক্ষণ প্ৰদান কৰিছে একাংশ প্ৰাক্তন ভলীবল খেলুৱৈয়ে। ‘ৰেঙনি’ গঠন কৰাৰে পৰা বৰ্তমানলৈকে ৰেঙনিত প্ৰশিক্ষণ গ্ৰহণ কৰা ২৬ জন খেলুৱৈয়ে নেচনেল খেলাৰ উপৰিও চেম্পিয়ন হোৱাৰো গৌৰৱ অৰ্জন কৰিছে। শেহতীয়াকৈ অসমত অনুষ্ঠিত হোৱা খেল’গণ্ডিয়া ক্ৰীড়া সমাৰোহত খেলা অসম ভলীবল দলৰ ১২ জনৰ ৮ জনেই ৰেঙনিৰ।

শেহতীয়াকৈ ৰেঙনিয়ে আৰম্ভ কৰিছে মিছন ভলীবল-১০০। জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ মাধ্যমত মিছন ভলীবল-১০০ নামেৰে এটা পেজ খুলি ভলীবলৰ প্ৰসাৰৰ বাবে কাম আৰম্ভ কৰিছে। এই মিছন ভলীবল- ১০০ ৰ লগত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৭০ টা ক্লাব সংলগ্ন হৈছে। এই ৭০ টা ক্লাবকে ৰেঙনিৰ ফালৰ পৰা চাৰিটাকৈ বল, নেট আৰু জাৰ্ছী দিয়াৰ ব্যৱস্থা কৰা হৈছে মিছন ভলীবল-১০০ ৰ জৰিয়তে। ইয়াৰ উপৰি ১০০ টা ক্লাবক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা লোৱা হ’ব।

অসমত ভলীবলৰ প্ৰচাৰ আৰু বিকাশৰ বাবে
নিঃস্বাৰ্থভাবে কাম কৰি অহা ৰেঙনিয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। সৰ্বভাৰতীয় পৰ্যায়ত অভিজিত ভট্টাচাৰ্যৰ পিছত পৰবৰ্তী সময়ত দ্বিতীয় এজন সফল ভলীবল খেলুৱৈ অসমৰ পৰা ওলোৱা নাই। তদুপৰি অন্যান্য ক্ৰীড়াৰ তুলনাত ভলীবল যেন কিছু পিছপৰি আছে। ইয়াৰ অন্তৰালৰ কাৰণ জানিবলৈ ৰেঙনি ভলীবল একাডেমীৰ প্ৰশিক্ষক গৰাকীৰ লগতে ৰেঙনিৰ লগত জড়িত অন্যান্য সদস্য সকলৰ পৰা জানিবলৈ বিচৰাত তেওঁলোকে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ক’লে।

ৰেঙনিৰ প্ৰশিক্ষক জয়ন্ত শৰ্মাৰ মতে ‘অসমত আজিও পৰ্যাপ্ত প্ৰশিক্ষক আজিও নাই। যিকেইজন আছে, তেওঁলোক আধুনিক ন ন কৌশলৰ লগত পৰিচিত নহয়, তদুপৰি সংস্থাপনৰ দিশটোৱেও সমস্যাৰ সৃষ্টি কৰিছে। অসমৰ কোনো এটা চৰকাৰী বিভাগতে ভলীবলৰ নামত আজিলৈকে ল’ৰা লোৱা হোৱা নাই। কেৱল ভলীবলৰ চাৰ্টিফিকেট কেইখনে কোনো এটা বিভাগৰ চাকৰিৰ ক্ষেত্ৰত চাৰি বা পাঁচ নম্বৰ এটা লাভত হে সহায় কৰিছে।’ আনহাতে আন এগৰাকী প্ৰশিক্ষক তথা প্ৰাক্তন খেলুৱৈ লনিতা বৰাৰ মতে, ‘ভলীবলৰ লগত জড়িত খেলুৱৈসকলৰ অভিভাৱকসকলো সচেতন নহয়। যিহেতু ভলীবল এক বিজ্ঞানসন্মত ক্ৰীড়া, গতিকে ডায়েট মেইণ্টেইন কৰাৰ পৰা খেলাৰ সময়লৈকে সকলো বিষয়তে খেলুৱৈৰ লগতে অভিভাৱকসকলো সমানে সচেতন হ’ব লাগিব। কাৰণ খেলুৱৈজনৰ খাদ্যৰ যোগান ধৰাত অভিভাৱকসকলৰ গুৰুত্ব অপৰিসীম। অসমৰ খেলুৱৈৰ ক্ষেত্ৰত উচ্চতাক লৈ কিছু সমস্যাৰ সৃষ্টি হয় যদিও সেয়া মুখ্য কাৰক নহয়। কাৰণ জাপান, চীন আদিৰ খেলুৱৈসকলৰো উচ্চতা অধিক নহয়। তেওঁলোকো মংগোলীয় আমিও মংগোলীয়। তথাপি তেওঁলোক বহু আগুৱাই গৈছে।’

অসমৰ ভলীবল খেলুৱৈয়ে ভাৰতীয় জাতীয় ভলীবল দলত স্থান লাভ কৰাৰ উপৰি প্ৰাধান্য লাভ কৰাৰ আশাৰে প্ৰশিক্ষণ প্ৰদান কৰি থকা ৰেঙনিয়ে ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষককো আমন্ত্ৰণ কৰি আনি প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে। তেজপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ৰেঙনিয়ে এক ক্ৰীড়াৰ সুস্থ পৰিবেশ গঢ় দিয়াত সফল হৈছে। ‘ৰেঙনি’ৰ এই যাত্ৰা অব্যাহত থাকক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments