কাৰ হাতত অৰ্পন কৰিব ভাৰতীয় এদিনীয়া দলৰ অধিনায়কত্ব? ৰোহিত শৰ্মা নে বিৰাট কোহলি? অধিনায়ক হিচাপে কোন কিমান উপযুক্ত? এই প্ৰশ্নক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ সামাজিক মাধ্যমত সৃষ্টি হৈছে আন এক গুৰুত্বপূৰ্ণ দাবী। নেটিজেনসকলৰ দাবী বিৰাটক অধিনায়কৰ পৰা আঁতৰোৱাৰ পূৰ্বে প্ৰশিক্ষক ৰবি শাস্ত্ৰীকহে দায়িত্বৰ পৰা অব্যাহতি দিব লাগে।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলত ৰোহিত শৰ্মাক স্থান নিদিয়াক কেন্দ্ৰ কৰি আই পি এলৰ মাজতেই চূড়ান্ত ৰূপত বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত আই পি এলত অধিনায়ক হিচাপে চূড়ান্ত ৰূপত বিফল হোৱা বিৰাট কোহলিক ভাৰতীয় দলৰ অধিনায়কৰ পৰা অপসাৰীত কৰি ৰোহিতক এই দায়িত্ব দিবলৈ দাবী উত্থাপন হৈছিল। ইফালে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি তিনিখনীয়া এদিনীয়া চিৰিজৰ দুখনত ভাৰত পৰাস্ত হৈ ভাৰতীয় ক্ৰিকেটৰ অনুৰাগীৰ জ্বলা জুইত যেন ঘিউ হে ঢালি দিলে। সকলোৱে একে মুখে বিৰাটক সমালোচনা কৰিছে। বিশেষকৈ মেচৰ পিছত অনুষ্ঠিত সংবাদ মেলত বিৰাটে বলাৰৰ গালৈ সকলো দুষ থেলি দিয়া কাৰ্যই বিৰাটক অধিক বিতৰ্কৰ মাজলৈ লৈ গৈছে। সকলোৱে দাবী কৰিছে বিৰাট অধিনায়কৰ বাবে উপযুক্ত নহয়। তেওঁতকৈ ৰোহিত শৰ্মা হে ভাল অধিনায়ক।
এই বিতৰ্ক চলি থকাৰ মাজতে এতিয়া সামাজিক মাধ্যমত সকলো বাদ দি প্ৰশিক্ষক ৰবি শাস্ত্ৰীক প্ৰশিক্ষক পদৰ পৰা অপসাৰীত কৰিবলৈ দাবী উত্থাপন হৈছে। নেটিজেনসকলৰ একাংশই পৰবৰ্তী প্ৰশিক্ষক হিচাপে কেইবাগৰাকীও প্ৰাক্তন তাৰকা ক্ৰিকেটাৰৰ নাম উল্লেখ কৰিছে। শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাহেলা জয়বৰ্ধনৰ লগতে ৰাহুল দ্ৰাবিৰৰ নামো উত্থাপন হৈছে।