আই পি এলৰ বাকী থকা মেচসমূহ ভাৰতত অনুষ্ঠিত নহয়!

অলিম্পিয়া প্ৰতিবেদন

বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীক সোধা হৈছিল মৃত্যুৰ মিছিলৰ মাজতেই আই পি এল অনুষ্ঠিত কৰাটো কি উচিত আছিল? উত্তৰত ইংলিছ প্ৰিমীয়াৰ লীগ কিম্বা ইউৰোপৰ অন্যান্য লীগৰ প্ৰসংগ টানি আনি তেওঁ আই পি এলৰ সমৰ্থনত থিয় দিলে। তেওঁৰ মতে ইংলিছ প্ৰিমীয়াৰ লীগ অথবা অন্যান্য লীগসমূহৰ খেলুৱৈ সকলৰো খেলি থকাৰ মাজতেই কৰোনা হৈছে, কিন্তু তথাপি থমকি ৰোৱা নাই সেই প্ৰতিযোগিতাসমূহ। তেনেস্থলত আই পি এল স্থগিত কৰি বি চি চি আইয়ে যেন সংবেদনশীলতাৰহে পৰিচয় দিছে।

অৱশ্যে, নিজৰ মতৰ সপক্ষে যিমান যুক্তি নিদিলেও গাংগুলীয়ে ঠিকেই বুজিছে যে এই মুহূৰ্তত ভাৰতত ক্ৰিকেটৰ কথা নপতাই ভাল। দেশত চিকিৎসালয়, অক্সিজেনৰ অভাৱত নিতৌ মানুহে মৃত্যুক সাৱটি লোৱাৰ পৰত সেয়ে এতিয়া বি চি চি আইয়ে পুনৰ ভাৰতত আই পি এল অনুষ্ঠিত কৰাৰ কথা ভাবিবলৈ চিন্তা কৰিবলগীয়া হৈছে। বি চি চি আইৰ অধ্যক্ষ গাংগুলীয়ে সেয়ে স্পষ্ট ৰূপত কৈছে যে চতুৰ্দশ আই পি এলৰ বাকী থকা মেচসমূহ ভাৰতত অনুষ্ঠিত নহয়।

কেৱল আই পি এলেই নহয়, ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি টুৱেন্টি বিশ্বকাপ অনুষ্ঠিত হোৱাক লৈয়ো অনিশ্চয়তা আহি পৰিছে। ভাৰতৰ পৰিস্থিতি একেদৰেই থাকিলে আগন্তুক সময়ত বিশ্বকাপো ভাৰতৰ পৰা স্থানান্তৰ হব পাৰে। যি সময়ত সকলো দেশতে আই পি এলৰ নীতিসমূহ কঠোৰ ৰূপত মানি চলা হৈছে, তেনে এক সময়ত এতিয়া আই পি এলৰ বাকী থকা মেচসমূহ কেতিয়া কত অনুষ্ঠিত হব সেই লৈ সন্দিহান হৈ পৰিছে বি চি চি আই।

Leave a Reply

Your email address will not be published. Required fields are marked *