Thursday, July 7, 2022
HomeNewsমহিলা ফুটবলত উত্থান; ভাৰতীয় দলে অংশ ল'ব এ এফ চিৰ ক্লাব চেম্পিয়নশ্বিপত

মহিলা ফুটবলত উত্থান; ভাৰতীয় দলে অংশ ল’ব এ এফ চিৰ ক্লাব চেম্পিয়নশ্বিপত

অলিম্পিয়া প্ৰতিবেদন

বিগত সমছোৱাত ভাৰতীয় মহিলা ফুটবলৰ উত্তৰণ চকুত লগা ধৰণৰ। বিশ্ব ফুটবলৰ প্ৰেক্ষাপটত ক্ৰমাৎ উজলিছে ভাৰতীয় মহিলা ফুটবল। ইতিমধ্যে ভাৰতে লাভ কৰিছে এ এফ চি মহিলাৰ এছিয়ান কাপ আৰু ফিফা অনুর্ধ ১৭ মহিলাৰ বিশ্বকাপ আয়োজনৰ সুবৰ্ণ সুযোগ।

সকলো ঠিকে থাকিলে ২০২২ তে দুয়োখন প্ৰতিযোগিতা ভাৰতে আয়োজন কৰিব। ইয়াৰ আগেয়ে দেশখনত অনুষ্ঠিত হব এ এফ চিৰ মহিলা ক্লাব চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখন আয়োজনৰ সুযোগ লাভ কৰাৰ সুবাদতে ভাৰতৰ এটি ক্লাবেও উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব। টুৰ্ণামেণ্টখন এই বৰ্ষৰ ৩০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা।

আঠখন দেশৰ আঠটা ক্লাবে এই টুৰ্ণামেণ্টত ভাগ লব। গ্ৰুপ ‘এ’ত চাইনীজ টাইপে, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামে স্থান লাভ কৰাৰ বিপৰীতে গ্ৰুপ বি’ত ভাৰতৰ লগতে ইৰাণ, জৰ্ডান আৰু উজবেকিস্তানৰ দলে ভাগ লব। ভাৰতৰ পৰা হিৰো ইণ্ডিয়ান মহিলা লীগত চেম্পিয়নৰ খিতাপ লাভ কৰা দলে এই টুৰ্ণামেণ্টত ভাগ লব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments