Friday, September 30, 2022
HomeNewsঋষভলৈ অপেক্ষা কৰি আছে এটা বিশেষ অভিলেখে!

ঋষভলৈ অপেক্ষা কৰি আছে এটা বিশেষ অভিলেখে!


অলিম্পিয়া প্ৰতিবেদন

আই পি এলত এটা বিশেষ অভিলেখৰ অধিকাৰী হ’ব দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ট। দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাবে পৰিগণিত হ’ব ঋষভ। তাৰ বাবে কেৱল ক্ৰিকেটাৰজনক প্ৰয়োজন এতিয়া ৫৬ ৰানৰ। আৰু ৫৬ ৰান কৰিলেই আই পি এলৰ ইতিহাসত দিল্লী কেপিটেলছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰত পৰিগণিত হ’ব ক্ৰিকেটাৰগৰাকী। বৰ্তমান বীৰেন্দ্ৰ সেৱাগৰ নামত আছে এই অভিলেখ। শনিবাৰে শ্বেইখ জায়েদ ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব আৰুভ এই মেচতেই সেৱাগৰ অভিলেখক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব পন্টে।

চলিত চিজনত দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে ৪১.৩৩ গড়ে ২৪৮ ৰান সংগ্ৰহ কৰিছে, য’ত আছে ৫৮ ৰানৰ অপৰাজিত ইনিংছটোও। সামগ্ৰিকভাৱে আই পি এলত পন্টে এই পৰ্যন্ত ৩৫.৮০ গড়ে ২৩২৭ ৰান সংগ্ৰহ কৰিছে। আই পি এলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ ১২৮।

দিল্লী কেপিটেলছ দলটো টেবুল তালিকাত ১৪ পইণ্টৰে দ্বিতীয় স্থানত আছে। আই পি এলৰ দ্বিতীয় লীগৰ প্ৰথমখন মেচত দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে। দলটোৰ প্ৰায় সংখ্যক খেলুৱৈয়ে সম্প্ৰতি ফৰ্মত আছে। ছেমিফাইনেলত প্ৰৱেশৰো পূৰ্ণ সম্ভাৱনা আছে দলটোৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments