Monday, October 3, 2022
HomeNewsবলিউদ অভিনেত্রী উৰ্বশ্ৰী ৰৌতালাৰ সাক্ষাৎৰ বাবে কিয় ১৬ ঘন্টা অপেক্ষা কৰিছিল ঋষভ...

বলিউদ অভিনেত্রী উৰ্বশ্ৰী ৰৌতালাৰ সাক্ষাৎৰ বাবে কিয় ১৬ ঘন্টা অপেক্ষা কৰিছিল ঋষভ পন্টে !

অলিম্পিয়া প্ৰতিবেদন

চৰ্চাত ভাৰতীয় ক্ৰিকেট টীমৰ যুৱ উইকেটকীপাৰ ঋষভ পন্ট । কিন্তু এইবাৰ ক্ৰিকেটৰ বাবে নহয়, চৰ্চাৰ কাৰণ কিছু পৃথক
। বলিউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশ্ৰী ৰৌতালাৰ সৈতে আছে নেকি ঋষভৰ মধুৰ সম্পৰ্ক ? ইয়াকে লৈ অনুৰাগীৰ মাজত উৎকন্ঠা ।

চেলিব্ৰিটি সকলক লৈ কিমান যে কাহিনী ঘটে অৱতাৰণা ! সৰু সৰু ঘটনাইও অনুৰাগীক দিয়ে আমোদ । কিছু মাহৰ পূৰ্বে ঘটনাটো সংঘটিত হৈছিল ভাৰতীয় জনপ্ৰিয় ক্ৰিকেটাৰ ঋষভ পন্টৰ সৈতে । উৰ্বশ্ৰী ৰৌতালাৰ সৈতে ঋষভৰ কাহিনীৰ সুত্রপাত্র আৰম্ভ এক নৈশভোজৰ সময়ত । ২০১৯ বৰ্ষতে ঋষভ পন্ট আৰু উৰ্বশী ৰৌতালা দুয়ো একেলগে নিশাৰ আহাৰ গ্রহণ কৰা দেখা গৈছিল | ইয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল । লগতে, এই সম্পৰ্কক লৈ সংবাদ মাধ্যমতো চলিছিল ব্যাপক চৰ্চা | কিন্তু ইয়াৰ স্পষ্টীকৰণ ঋষভ পন্ট বা উৰ্বশীয়ে এই পৰ্যন্ত দিয়া নাই | ইয়াৰ মাজতে এওঁলোক দুয়োৰে লগত জড়িত আন এক খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে |
এইবাৰ ঘটনা অলপ মৃদু বিষম ।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বুটিঙৰ বাবে উৰ্বশী ৰৌতালা গৈছিল বাৰাণসীলৈ ।
সেই কথা গম পোৱাৰ পাছতে ঋষভ পন্টে উৰ্বশীক লগ কৰিবলৈ দৃঢ়প্রতিজ্ঞ হৈ ৰ’ল ।
কিন্তু উৰ্বশী ৰৌতালাই শ্বুটিঙৰ বিজি চিডিউলৰ বাবে ঋষভক সময় দিব পৰা নাছিল । উৰ্বশীক সাক্ষাৎ কৰিবলৈ ঋষভ পন্টে ১৬ ঘন্টা পৰ্যন্ত অপেক্ষা কৰিব লগীয়া হৈছিল | ইফালে সংবাদ মাধ্যমত এইটোও খবৰ ওলাল যে ঋষভ পন্টে উৰ্বশী ৰৌতালাৰ হোৱাটছ‌এপ পৰ্যন্ত ব্লক কৰি দিছিল | অৱশ্যে এই খবৰটোত কিমান সত্যতা আছে তাক লৈ এতিয়ালৈকে কোনোধৰণৰ সঠিক তথ্য সন্মুখলৈ অহা নাই |

ইয়াৰ বিপৰীতে, অন্য এক চৰ্চা অনুসৰি ঋষভ পন্টে এটা সময়ত নিজৰ দুৰ্বল ফৰ্মক লৈ যথেষ্ট চিন্তিত আছিল ।
উৰ্বশীয়ে তেওঁক সেই সময়তে ফোন আৰু মেচেজ কৰি অশান্তি কৰিছিল । কিন্তু এই খবৰ সঁচা নে অতিৰঞ্জিত, ইয়াত আছে প্ৰশ্নবোধক ! কাৰণ ঋষভ পন্ট বৰ্তমান বিখ্যাত ইন্টেৰিয়ৰ ডিজাইনাৰ ইশা নেগীৰ সৈতে সম্পৰ্কত আছে ।

শনিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল । দিল্লী কেপিটেলছক নেতৃত্ব দিছে তেওঁ । নিজা প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত হৰুৱাই বিজয়ী হয় ঋষভ বাহিনী । চলিত আই পি এলত সুন্দৰ আৰম্ভণি কৰিছে ঋষভৰ দলে । পিছে মেচখনত অধিনায়ক হিচাপে তেওঁৰ অৱদান আছিল মাত্ৰ ২ টা বলত ১ ৰাণ । ব্যক্তিগত জীৱনত প্ৰেম আৰু প্ৰণয়ৰ এই ছাঁ-পোহৰৰ খেলাৰ প্ৰভাৱ পৰিছে নেকি ঋষভৰ প্ৰদৰ্শনত !
ক্ৰীড়া অনুৰাগীৰ আশা -আই পি এলৰ মৈদানত দুৰ্দান্ত হৈ উঠক বহু যুঁজৰ নায়ক ঋষভ পন্ট ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments