অলিম্পিয়া প্রতিবেদন
এতিয়া সকলোতে ঋষভৰ চর্চা। ষ্টেডিয়ামৰ ভিতৰে বাহিৰে সকলোতে কেৱল ঋষভ, ঋষভ আৰু ঋষভ। নিজৰ আক্ৰমণাত্মক শৈলীৰে সদ্য সমাপ্ত ইংলেণ্ডৰ বিপক্ষে টেষ্ট চিৰিজত দলক বিজয়ী লক্ষ্যত উপনীত কৰাইছিল পন্টে।
ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ মাটিতো দমনীয় প্ৰদৰ্শনৰে সকলোৰে প্রিয় পাত্ৰ হৈ পৰিছিল ভাৰতৰ উইকেটকীপাৰ বেটছমেনজন। ভাৰতীয় দলত মহেন্দ্ৰ সিং ধোনিৰ যোগ্য উত্তৰসুৰী সন্ধানৰ অৱসান ঘটাই ঋষভে প্ৰতিটো সুযোগৰে সদব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে।
ক্ৰিজত প্ৰতিপক্ষৰ বলাৰক ত্ৰাহি মধুসূদন দেখুওৱা পন্ট কিন্তু খেলপথাৰৰ বাহিৰত গুগলীৰ আঘাতত ধৰাশায়ী হৈছে। কিন্তু কাৰ গুগলীৰ আঘাতত পন্টৰ এই অৱস্থা? কাৰ চাৱনিত ক্লিনব’ল্ড হ’ল আক্ৰমণাত্মক খেলুৱৈজন? সম্প্ৰতি যিগৰাকী যুৱতীৰ প্ৰেমত পন্টে হাবু ডুবু খাইছে তেওঁ হৈছে ঈশা নেগী।
২০১৯ চনতে সামাজিক মাধ্যমত পন্টে তেওঁৰ প্ৰেয়সীৰ কথা প্ৰকাশ কৰিছিল। প্ৰেয়সীৰ ফটো দি তেওঁ লিখিছিল, ” মই তোমাক সুখত ৰাখিব বিচাৰো। কাৰণ তুমিয়েই মোৰ সুখৰ কাৰণ।” সেই ঈশাৰ লগত আজিও পন্টৰ প্ৰেম গভীৰ।
উল্লেখযোগ্য যে, ডেৰাডুনৰ জীয়ৰী ঈশা বৃত্তিত এগৰাকী ইন্টেৰিউৰ ডিজাইনাৰ। জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় ঈশাৰ ফলোৱাৰ্ছৰ সংখ্যাও কম নহয়। চাওঁ আহকচোন পন্টৰ প্ৰেয়সী ঈশা নেগীৰ কেইখনমান আলোকচিত্ৰ-


